ETV Bharat / entertainment

গণেশ বিসৰ্জনৰ পিছত সমূদ্ৰ তীৰ পৰিষ্কাৰত নামিল তাৰকা - Ganpati Visarjan celebs clean beach

author img

By ETV Bharat Assamese Team

Published : 23 hours ago

Ganesh Visarjan 2024: গণেশ বিসৰ্জনৰ পিছত বহুতো চেলেব্ৰিটী সাগৰৰ পাৰ পৰিষ্কাৰ কৰিবলৈ আহিছে । এই পৰিচ্ছন্নতা অভিযানত বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানা, ঋত্বিক ধনজানীৰ দৰে তাৰকাসকলে যোগদান কৰিছে । ভিডিঅ' চাওক-

Ayushmann Khurrana Rithvik Dhanjani clean the beach after Ganesh Visarjan 2024 WATCH
সমূদ্ৰ তীৰ পৰিষ্কাৰত নামিল তাৰকা (ANI-IANS)

চিটাৰা ডেস্ক, 18 ছেপ্টেম্বৰ: বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানাই গণেশ বিসৰ্জনৰ অন্তত ভাৰ্চোভা চৌপাটীত সাগৰৰ পাৰ চাফাই অভিযানত যোগদান কৰে । একে সময়তে টিভি অভিনেতা ঋত্বিক ধনজানীয়েও এটা বেচৰকাৰী সংস্থাৰ সৈতে যোগ হৈ সাগৰৰ পাৰ চাফা কৰাত সহায় কৰে । দুয়োগৰাকী তাৰকাৰ এই উদাৰ ইংগিতৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

সমূদ্ৰ তীৰ পৰিষ্কাৰত নামিল তাৰকা (ANI)

18 ছেপ্টেম্বৰত ড্ৰীম গাৰ্লৰ অভিনেতা আয়ুষ্মান খুৰানাই মুম্বাইত আয়োজন কৰা স্বচ্ছতা অভিযানৰ কাৰ্যসূচীত অংশ লয় । এই অনুষ্ঠানত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ পত্নী অমৃতা ফাডনাভিছ, মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰ আৰু হিৰণানন্দনী গোটৰ পৰিচালন সঞ্চালক নিৰঞ্জন হিৰণন্দনীকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : পৰম্পৰাগত পোছাকত গণেশ পূজাস্থলীত উপস্থিত হৈ মাতৃ-কন্যাৰ যুটীয়ে নজৰ কাঢ়িলে সকলোৰে - Aishwarya Rai at Ganesh Pandal

পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানৰ সময়ত আয়ুষ্মান খুৰানাই কেৱল সহায়ৰ হাত আগবঢ়োৱাই নহয়, লগতে অমৃতা ফাডনাভিছৰ সৈতে 'পানী দা ৰং' গানটো গাই মানুহক মনোৰঞ্জনো দিয়ে । উক্ত কৰ্মসূচীৰ পৰা অভিনেতাজনৰ ফটো আৰু ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

টিভি অভিনেতা ঋত্বিক ধনজানীয়েও গণেশ বিসৰ্জনৰ পিছত সাগৰৰ পাৰ পৰিষ্কাৰ কৰিবলৈ এটা বেচৰকাৰী সংগঠনৰ সৈতে হাত মিলায় । বুধবাৰে, এনজিঅ'ৰ সদস্যৰ সৈতে, তেওঁ সাগৰ পৰিষ্কাৰ কৰে আৰু তীৰত পৰি থকা গণেশ মূৰ্তিবোৰো পৃথক কৰে । অভিনেতাজনৰ এই বিশেষ মুহূৰ্তটো এনজিঅ'টোৱে নিজৰ ইনষ্টাগ্ৰামত পোষ্ট কৰিছে, যিটো অভিনেতাজনে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰে । সহায় কৰাৰ বাবে ঋত্বিকক ধন্যবাদ জনাইছে এনজিঅ'টোৱে ।

আয়ুষ্মান খুৰানাৰ কৰ্মক্ষেত্ৰত কথা ক’বলৈ গ’লে তেওঁক অহা মাহত বিখ্যাত পৰিচালক মেঘনা গুলজাৰৰ নতুন ছবি 'দায়েৰা'ত দেখিবলৈ পোৱা যাব । বলীউডৰ অভিনেত্ৰী কৰীণা কাপুৰ খানক ছবিখনত তেওঁৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰা দেখিবলৈ পোৱা যাব । অৱশ্যে, এই প্ৰকল্পটোৰ বিষয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ।

লগতে পঢ়ক : বাপ্পাক বিদায় দিলে ৰণবীৰ আৰু নীতু কাপুৰে - Ranbir Kapoor Ganpati Visarjan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.