ETV Bharat / entertainment

বিগ বিৰ এটা বাৰ্তাই তোলপাৰ লগাইছে জনতাৰ মাজত - Amitabh Bachchan latest video

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2024, 2:16 PM IST

Amitabh Bachchan video : অমিতাভ বচ্চনৰ এটা নতুন ভিডিঅ’, যিটোৱে মানুহক ভবাই তুলিছে । কেই ছেকেণ্ড মানৰ বিগ বিৰ এই ভিডিঅ’টোত এনেকুৱা কি বাৰ্তা আছে জানো আহকচোন-

Amitabh Bachchan says I will not litter, Netizens react WATCH
অমিতাভ বচ্চন (ANI)

চিটাৰা ডেস্ক, 18 ছেপ্টেম্বৰ : অমিতাভ বচ্চন আজিকালি তেওঁৰ বিখ্যাত কুইজ শ্ব' কৌন বনেগা কৰোড়পতি 16 ৰ সৈতে ব্যস্ত হৈ আছে । এইটো ছিজনলৈ এইবছৰ বহু বিশিষ্ট লোক আহিছে ৷ দৰ্শকেও ছিজনটোৰ প্ৰতিটো খণ্ডই উপভোগ কৰিছে ৷ 2024 চনৰ 27 জুনত মুক্তি পোৱা কল্কি 2898 এডি চলচ্চিত্ৰখনত অমিতাভ বচ্চনক দেখা গৈছিল । ছবিখনৰ সফলতা বাৰুকৈয়ে উপভোগ কৰে মেগাষ্টাৰগৰাকীৰ লগতে ছবিখনৰ লগত জড়িত প্ৰতিজন কলা-কুশলীয়ে ৷ এতিয়া অমিতাভ বচ্চনক তেওঁৰ বন্ধু আৰু দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তৰ আহিবলগীয়া একশ্যন কমেডি ড্ৰামা ছবি 'ভেট্টায়ান'ত দেখিবলৈ পোৱা যাব । ইফালে, অমিতাভ বচ্চন আজিকালি ছ'চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ থাকে ৷ প্ৰতিদিনে তেওঁৰ ফটো আৰু ভিডিঅ’ আপলোড কৰি অনুৰাগীসকলৰ সৈতে সম্পৰ্কিত হৈ থাকে তেওঁ । এতিয়া অমিতাভ বচ্চনৰ এটা নতুন ভিডিঅ’ই সামাজিক মাধ্যমত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

ভিডিঅ’টোত বিগ বিৰ বাৰ্তা কি ?

এই ভিডিঅ’টোত, অমিতাভ বচ্চনে মানুহক ভাবিবলৈ বাধ্য কৰাইছে । ভিডিঅ’টোত অমিতাভ বচ্চনক হালধীয়া ট্ৰেকচুটত দেখা গৈছে । বিগ বিয়ে এই ভিডিঅ’টোত কৈছে, ‘মী কচৰা কৰুণাৰ নেহী’ অৰ্থাৎ ‘মই আৱৰ্জনা নকৰো’ । এই ভিডিঅ’টোৰ জৰিয়তে অমিতাভ বচ্চনে দেশবাসীক স্বচ্ছ ভাৰত অভিযানৰ বাৰ্তা প্ৰদান কৰিছে । বিগ বি-ৰ এই ভিডিঅ’টো গণপতি বিসৰ্জনৰ সময়ত আহিছে । বিগ বিৰ এই ভিডিঅ’টোত বহুলোকে মন্তব্য কৰিছে ।

উল্লেখ্য যে, অমিতাভ বচ্চন আৰু ৰজনীকান্তৰ ছবি ভেট্টায়ান 10 অক্টোবৰত মুক্তি পাবলৈ সাজু হৈছে ।

লগতে পঢ়ক : প্ৰথম প্ৰজেক্টৰ বাবে পিতৃতকৈয়ো আগত ভাইজানৰ হে কাষ চাপিল নেকি আৰিয়ান ! - Aryan Khan first direction

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.