চিটাৰা ডেস্ক, ২৭ ফেব্ৰুৱাৰী : ২০২২ চনৰ ২৯ মে’ত পঞ্জাৱৰ জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালাক হত্যা কৰা হৈছিল । মানছাৰ জৱাহৰ গাঁৱত জনপ্ৰিয় গায়ক তথা ৰেপাৰ শুভদীপ সিং সিদ্ধু ওৰফে সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰা হৈছিল । সিদ্ধু মুছেৱালা আছিল মাক-দেউতাকৰ একমাত্ৰ সন্তান ।
কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ খবৰে পৰিয়ালৰ লগতে অনুৰাগীক স্তম্ভিত কৰি তুলিছিল । এতিয়া বহুদিনৰ মূৰত সিদ্ধু মুছেৱালাৰ ঘৰত আকৌ এবাৰ আহিছে সুখৰ বতৰা ৷ প্ৰয়াত গায়ক সিদ্ধু মুছেৱালাৰ মাতৃ চৰণ কৌৰ অতি সোনকালে মাতৃ হ’বলৈ গৈ আছে । হয়, গায়ক তথা ৰেপাৰ সিদ্ধু মুছেৱালাৰ ঘৰত আহিব এগৰাকী কণমানি আলহী ৷ এতিয়া এই খবৰে সুখী কৰি তুলিছে অনুৰাগীক ৷ সিদ্ধু মুছেৱালাৰ মাতৃ চৰণ কৌৰৰ গৰ্ভৱতী হোৱাৰ খবৰ নিশ্চিত কৰিছে কণ্ঠশিল্পীৰ ককাক চামকৌৰ সিং সিদ্ধুৱে ।
তেওঁ কয় যে পৰিয়ালৰ প্ৰতিজন সদস্যই কেৱল প্ৰাৰ্থনা কৰি আছে যে বলকৌৰ সিং সিদ্ধুৰ ঘৰলৈ আকৌ এবাৰ সুখ ঘূৰি আহে । সিদ্ধু মুছেৱালাৰ ককাকে ভগৱানক ধন্যবাদ জনাই কয় যে তেওঁৰ পৰিয়ালটোৱে আকৌ এবাৰ হাঁহিবলৈ কাৰণ বিচাৰি পাইছে ।