অসম

assam

ETV Bharat / entertainment

তেওঁৰ ফেনপেজে তেওঁৰ নামতে তেওঁৰ অনুৰাগীক ঠগিলে: হতবাক সিদ্ধাৰ্থ মালহোত্ৰা - Sidharth Malhotra fan duped

Sidharth Malhotra fan duped: সিদ্ধাৰ্থৰ অনুৰাগীয়ে ঠগ-প্ৰৱঞ্চনাৰ বলি হৈ হেৰুৱালে 50 লাখ টকা ৷ ছ’চিয়েল মিডিয়াত নেটিজেনে সিদ্ধাৰ্থক টেগ কৰি এই ঘটনাৰ তথ্য শ্বেয়াৰ কৰিছে ৷ অৱশেষত অভিনেতাজনে ঘটনা সন্দৰ্ভত প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া ৷

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 11:16 AM IST

Sidharth Malhotra's reaction to a fan duped 50 lakh says me and my family don't support this
সিদ্ধাৰ্থ মালহোত্ৰা (ETV Bharat)

চিটাৰা ডেস্ক, 4 জুলাই :বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ ফেন পেজৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিনেতাজনৰ ব্যক্তিগত জীৱনক সাঙুৰি আনি তেওঁলোকে এই কাম কৰিছে বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ কথা অৱগত হোৱাৰ পিচতে অভিনেতাজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এনে কৰাটো ভুল বুলি কোৱাৰ লগতে তেওঁ এই কাৰ্যক গৰিহণা দিয়ে ।

শেহতীয়াকৈ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাৰ এগৰাকী অনুৰাগীয়ে এটা পেজ সন্দৰ্ভত এই গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ অভিযোগকাৰীৰ মতে, সেই ফেন পেজটোৱে অভিনেতাগৰাকীৰ নাম ভুলকৈ ব্যৱহাৰ কৰি লাখ লাখ টকা লুটিছে । এই কথা তেতিয়া পোহৰলৈ আহে যেতিয়া অনুৰাগীজনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁৰ লগত সংঘটিত হোৱা ৫০ লাখ টকাৰ জালিয়াতিৰ কথা মুকলিকৈ প্ৰকাশ কৰে ।

সিদ্ধাৰ্থৰ প্ৰতিক্ৰিয়া

শেহতীয়াকৈ সিদ্ধাৰ্থই তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট কৰে য’ত তেওঁ লিখে, ‘তেওঁৰ নামত চলি থকা ‘প্ৰৱঞ্চনামূলক কাৰ্যকলাপ/কেলেংকাৰী’ৰ তথ্য তেওঁৰ দৃষ্টিগোচৰ কৰোৱা হৈছে । মই সকলোকে আশ্বস্ত কৰিব বিচাৰো যে মই, বা মোৰ পৰিয়াল বা মোৰ দলটোৱে এই কাৰ্য কেতিয়াও সমৰ্থন নকৰে । আপোনালোক সকলোকে এনেবোৰ বিষয়ৰ পৰা আঁতৰি থাকিবলৈ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনালোঁ । যদি আপুনি এনে কোনো তথ্য পায় তেন্তে তৎক্ষণাত ৰিপৰ্ট কৰক আৰু এনে ভুল তথ্য বিয়পোৱাৰ পৰা বিৰত থাকক ।’ সিদ্ধাৰ্থই লগতে আৰু কয়, ‘মোৰ অনুৰাগীসকল সদায় মোৰ আটাইতকৈ ডাঙৰ শক্তি আৰু আপোনালোকৰ আস্থা আৰু সুৰক্ষা মোৰ বাবে সৰ্বোচ্চ ।’ সিদ্ধাৰ্থে বিবৃতিটোত তেওঁৰ পৰিয়ালৰ সৈতে সম্পৰ্ক থকা বুলি দাবী কৰা আৰু অনুৰাগীক প্ৰতাৰণা কৰা লোকসকলক গৰিহণা দিয়ে ।

ভুক্তভোগী অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে ঠগ-প্ৰৱঞ্চনাৰ কথা

ভুক্তভোগী অনুৰাগীয়ে এক্সত লিখে এইদেৰ, ‘প্ৰিয় সিদ্ধাৰ্থ মালহোত্ৰ আৰু সকলো সিদিয়ান, মই আমেৰিকাৰ বাসিন্দা মীনু বাসুদেৱন । এডমিন আলিজা আৰু হুছনা পাৰবীনৰ বিষয়ে আপোনালোকে সকলো কথা জানিব লাগে । ২০২৩ চনৰ অক্টোবৰৰ পৰা ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত তেওঁলোকে মোৰ পৰা ৫০ লাখ টকা প্ৰৱঞ্চনাৰে লুটি নিয়ে ৷ ২০২৩ চনৰ ১৮ আৰু ২৪ অক্টোবৰৰ ভিতৰত তেওঁলোকে মোৰ বন্ধু ইউ কেত থকা মাৰিয়াৰ পৰা ১০.৫ হাটাৰ টকা প্ৰতাৰণাৰে লুটি নিয়ে ৷ এই সময়ছোৱাত কিছুমান চেট আৰু প্ৰমাণ আঁতৰোৱা হৈছে । অৱশ্যে প্ৰমাণ হিচাপে মোৰ হাতত কিছুমান গুৰুত্বপূৰ্ণ তথ্য আছে ।’

তেওঁ লগতে দাবী কৰে যে তেওঁৰ পত্নী তথা অভিনেত্ৰী কিয়াৰা আদৱানীৰ বাবেই সিদ্ধাৰ্থৰ জীৱন বিপদাপন্ন বুলি তেওঁক পতিয়ন নিয়াইছিল প্ৰতাৰকে ৷ তেওঁ কয় যে সিদ্ধাৰ্থে বিয়া পাতিবলৈ অস্বীকাৰ কৰাৰ পিচত তেওঁক বিয়াৰ বাবে ভাবুকি দিয়া হৈছিল । ইয়াত কৰণ জোহৰ, শশাংক খৈতান, অপূৰ্ব মেহতা আৰু মনীষ মালহোত্ৰাৰ নামো অন্তৰ্ভুক্ত কৰা হৈছিল ৷ ইয়াৰ উপৰিও কিয়াৰাই ‘প্ৰৱঞ্চনা’ আৰু ‘ক’লা যাদু’ কৰে বুলিও তেওঁ কোৱা হৈছিল । অনুৰাগীজনে দাবী কৰে যে তেওঁক সিদ্ধাৰ্থক বচাবলৈ কোৱা হৈছিল ।

সিদ্ধাৰ্থক এইবছৰ যোদ্ধা ছবিখনত দেখা গৈছিল ৷ ছবিখনে বিশেষ সফলতা অৰ্জন কৰিব নোৱাৰিলে বক্স অফিচত ৷ ২০২১ চনৰ শ্বেৰশ্বাহ ছবিত একেলগে কাম কৰাৰ পিচত ২০২৩ চনত সিদ্ধাৰ্থ আৰু কিয়াৰা বিবাহপাশত আৱদ্ধ হয় ।

লগতে পঢ়ক :প্ৰতাৰণাৰ চিকাৰ হ’ল সিদ্ধাৰ্থ মালহোত্ৰাৰ অনুৰাগী - Sidharth Malhotra fan duped

ABOUT THE AUTHOR

...view details