ETV Bharat / entertainment

গ্ৰেমী বঁটা বিজয়ী বিদেশী গায়কাৰ অনুষ্ঠানত আলিয়াৰ আকস্মিক প্ৰৱেশ - Alia Bhatt DJ ALAN WALKER Bengaluru

Alia Bhatt : বেংগালুৰুত গ্ৰেমী বঁটা বিজয়ী গায়ক এলেন ৱাকাৰৰ শ্ব’ত দেখা গ’ল আলিয়া ভাটক । ভাইৰেল ফটো আৰু ভিডিঅ’ চাওক-

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

alia bhatt surprisingly attends norwegian grammy award winning dj alan walkers show in bengaluru watch video
স্বামীৰে সৈতে আলিয়া ভাট (Etv Bharat)

চিটাৰা ডেস্ক, 5 অক্টোবৰ : আলিয়া ভাটে বৰ্তমান তেওঁৰ আহিবলগীয়া ছবি জিগ্ৰাৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে । জিগ্ৰাত, আলিয়া ভাটক এগৰাকী সাহসী ভগ্নীৰ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব, যিয়ে তেওঁৰ নিৰীহ ভায়েকক কাৰাগাৰৰ পৰা মুকলি কৰিবলৈ অকলে যুঁজ দিব । জিগ্ৰাৰ ট্ৰেইলাৰে ইতিমধ্যে দৰ্শকসকলক আকৰ্ষণ কৰিছে আৰু এতিয়া সকলোৱে ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে । তাৰ মাজতে ছ'চিয়েল মিডিয়াত আলিয়া ভাটৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে । দৰাচলতে আলিয়া ভাট অকস্মাতে বেংগালুৰুত নৰৱে’ৰ ডিজে এলেন ৱাকাৰৰ অনুষ্ঠানত উপস্থিত হয় । এলেন ৱাকাৰ এগৰাকী গ্ৰেমী বঁটা বিজয়ী ।

এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আলিয়া ভাট আৰু এলেন ৱাকাৰৰ ফটো আৰু ভিডিঅ’। এই শ্ব’ত আলিয়া ভাটক অফ শ্ব’ল্ডাৰ ব্লু বডিকন ড্ৰেছত দেখা যায় । ইফালে এলেনক ধূসৰ ৰঙৰ হুডি পিন্ধি থকা দেখা গৈছে । এলেনে ফেচ মাস্কো পিন্ধি আছিল । আলিয়াই মঞ্চত এলেনৰ সৈতে ফটোও ক্লিক কৰিলে । এতিয়া এই শ্ব’টোৰ পৰা আলিয়া আৰু এলেনৰ ফটো আৰু ভাইৰেল ভিডিঅ’বোৰত অনুৰাগীয়ে মন্তব্য কৰিছে ।

আলিয়া ভাটৰ অনুৰাগীসকলে এলেনৰ সৈতে তেওঁৰ ফটোসমূহ যথেষ্ট লাইক কৰিছে । জিগ্ৰা চলচ্চিত্ৰখনৰ বিষয়ে ক’বলৈ গ’লে ছবিখন 11 অক্টোবৰত মুক্তি পাব । বেদাং ৰাইনাই ছবিখনত আলিয়া ভাটৰ সৰু ভায়েকৰ চৰিত্ৰত অভিনয় কৰিছে । প্ৰথমবাৰৰ বাবে আলিয়া আৰু বেদাঙে একেলগে স্ক্ৰীণ শ্বেয়াৰ কৰিছে । জিগ্ৰা হৈছে এক একশ্যন-থ্ৰিলাৰ চলচ্চিত্ৰ, য’ত আলিয়াক এক বেলেগ অৱতাৰত দেখিবলৈ পোৱা যাব । ছবিখন ভাচান বালাই পৰিচালনা কৰিছে ।

লগতে পঢ়ক : বৰদিনত বিস্ফোৰণ ঘটাবলৈ আহি আছে ‘আলফা’ - SHARVARI WAGH ALIA BHATT FILM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.