অসম

assam

ETV Bharat / entertainment

হাৰ্ট এটাকৰ পিচত পুনৰ কামলৈ উভতিছে শ্ৰেয়স তালপাড়ে

Shreyas Talpade Health Update: হাৰ্ট এটাকৰ পিচত পুনৰ কৰ্মক্ষেত্ৰলৈ ঘূৰি আহিছে শ্ৰেয়স তালপাড়ে ।

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 10:25 AM IST

Shreyas talpade started working after heart attack
পুনৰ কৰ্মক্ষেত্ৰলৈ ঘূৰি আহিছে শ্ৰেয়স তালপাড়ে

চিটাৰা ডেস্ক, ১৩ ফেব্ৰুৱাৰী: বলিউড তথা মাৰাঠী অভিনেতা শ্ৰেয়স তালপাড়ে দুমাহ পূৰ্বে হৃদৰোগত আক্ৰান্ত হৈছিল । অভিনেতাগৰাকীৰ হাৰ্ট এটাকৰ খবৰ পাই চিন্তিত হৈ পৰিছিল অনুৰাগী । কিন্তু এতিয়া শ্ৰেয়সৰ স্বাস্থ্য একেবাৰে ভাল । এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিছে ৷ বহু দিন কামৰ পৰা জিৰণি লৈ পুনৰ কামলৈ উভতিছে অভিনেতাগৰাকী । এতিয়া অভিনেতাগৰাকীয়ে সেই কঠিন সময়ত তেওঁৰ লগত থকা সকলোকে ধন্যবাদ জনাইছে ।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত শ্ৰেয়স তালপাড়েই কয়, ‘‘সেই নিশা তাত উপস্থিত থকা সকলোকে সহায়ৰ বাবে ধন্যবাদ জনাইছো ।’’ চিকিৎসক, কাৰিকৰী বিভাগ, চিকিৎসালয়ৰ কৰ্মচাৰী আৰু তেওঁৰ বাবে প্ৰাৰ্থনা কৰা অনুৰাগীসকলক ধন্যবাদ জনায় । শ্ৰেয়সে কয় যে তেওঁৰ স্বাস্থ্য এতিয়া ভাল আৰু তেওঁ প্ৰতিদিনে সুস্থ হৈ উঠিছে । লগতে তেওঁ কামলৈ ঘূৰি আহিছে ।

কামলৈ উভতিছে শ্ৰেয়স

শ্বুটিঙলৈ উভতি অহাৰ লগে লগে শ্ৰেয়সে কয়,‘‘মই এতিয়া অলপ কাম আৰম্ভ কৰিছে কিন্তু মই ভাবো এই জীৱনত মানুহৰ ঋণ পৰিশোধ কৰাটো অতি কঠিন । চিকিৎসকৰ পৰামৰ্শ মতে কামবোৰ আগুৱাই নিবলৈ আৰম্ভ কৰিছো ।’’

উল্লেখ্য যে, ১৪ ডিচেম্বৰত অভিনেতাজনে ‘ৱেলকাম টু দ্য জংগল’ ছবিখনৰ শ্বুটিং কৰি ঘৰলৈ উভতি গৈছিল ৷ কিন্তু ঘৰলৈ যোৱাৰ পিচতে হঠাৎ বুকুৰ বিষ অনুভৱ কৰিছিল শ্ৰেয়সে, যাৰ বাবে ততাতৈয়াকৈ পত্নীয়ে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাইছিল ৷ ইয়াৰ পিচত চিকিৎসকে তেওঁৰ হাৰ্ট এটাক হোৱা বুলি নিশ্চিত কৰে । তাৰ পিচত চিকিৎসকে তেওঁৰ এঞ্জিওপ্লাষ্টি কৰে ৷ অৱশ্যে শ্ৰেয়স এতিয়া ভালেই আছে আৰু দিনক দিনে সুস্থ হৈ উঠিছে ।

ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে শ্ৰেয়সক দেখা যাব ৱেলকাম ছিৰিজৰ তৃতীয়খন ছবি ৱেলকাম টু দ্য জংগলত । এই ছবিখনত অক্ষয় কুমাৰ, ৰবীনা টেণ্ডন, দিশা পাটানী, সঞ্জয় দত্ত, আৰশ্বাদ ৱাৰ্ছী, তুষাৰ কাপুৰ, পৰেশ ৰাৱালকে ধৰি বহু অভিনেতাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব ।

লগতে পঢ়ক:মৃত্যুৰ মুখৰ পৰা উভতি আহি কি ক’লে শ্ৰেয়স তালপাড়েই

ABOUT THE AUTHOR

...view details