অসম

assam

ETV Bharat / entertainment

গহনাৰ বিপণিত বিক্ৰেতা হিচাপে কৰ্মৰত শ্ৰদ্ধা কাপুৰ...চাওক ভিডিঅ’ - Shraddha Kapoor Sales Woman

Shraddha Kapoor Sales Woman: শ্ৰদ্ধা কাপুৰ প্ৰায়েই তেওঁৰ সহজ-সৰল জীৱন শৈলীৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা ভিডিঅ’ই খলকনি তুলিছে ৷ এখন গহনাৰ বিপণিত এগৰাকী বিক্ৰেতা হিচাপে কৰ্মৰত অৱস্থাত দেখা গৈছে শ্ৰদ্ধাক ৷

Shraddha Kapoor Sales Woman
গহনাৰ বিপণিত বিক্ৰেতা হিচাপে কৰ্মৰত শ্ৰদ্ধা কাপুৰ...চাওক ভিডিঅ’

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 12:16 PM IST

চিটাৰা ডেস্ক, 23 এপ্ৰিল : শ্ৰদ্ধা কাপুৰ এনে এগৰাকী বলীউড তাৰকা সন্তান যিয়ে তেওঁৰ সহজ-সৰল জীৱনশৈলীৰে অনুৰাগীসকলক মনোৰঞ্জন কৰি আহিছে । শ্ৰদ্ধাই প্ৰায়েই তেওঁৰ সামাজিক মাধ্যমত তেওঁৰ সৰু-বৰ সকলো মুহূৰ্ত শ্বেয়াৰ কৰে ৷

শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ এক অন্য অভিজ্ঞতা ভাগ বাটোৱাৰা কৰিছে ৷ যাৰ এটা সৰু আভাস ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰা হৈছে । তেওঁ এখন গহনাৰ বিপণিত বিক্ৰেতা হিচাপে কৰ্মৰত অৱস্থাত দেখা গৈছে । শ্ৰদ্ধাই এই কামটো কঠিন বুলি বৰ্ণনা কৰিছে ৷ অভিনেত্ৰীগৰাকীয়ে কৰা এই কামৰ বাবে অনুৰাগীসকলক তেওঁক নম্বৰ দিবলৈ দিছে ৷

সোমবাৰ তথা 22 এপ্ৰিলত শ্ৰদ্ধা কাপুৰে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামত তেওঁৰ এটা নতুন ভিডিঅ' পোষ্ট কৰে । ভিডিঅ'টোৰ আৰম্ভণিতে, অভিনেত্ৰীগৰাকীক বগা পোছাক, এখন ৰঙীন ষ্টল লৈ থকা অৱস্থা দেখা গৈছিল ৷ য’ত তেওঁ এগৰাকী গ্ৰাহকক মূল্য কৈ থকা দেখা গৈছিল । "এগৰাকী মহিলা বিক্ৰেতা হিচাপে এয়া মোৰ প্ৰথম বিক্ৰীৰ পৰিমাণ । বিক্ৰী দেখিবলৈ সহজ যেন লাগে, কিন্তু কামটো অতি কঠিন ৷ এয়া চাওক..."

ভিডিঅ'টোৰ শেষত শ্ৰদ্ধাই কয়, 'এয়া মোৰ প্ৰথমবাৰ আছিল, যদি আপোনালোকে কৰে, তেনেহ’লে আপুনি জানিব ।" ইয়াৰ পিচতে তেওঁক অনুৰাগীসকলে শিকিবলৈ পৰামৰ্শ দিয়া দেখা গৈছিল ।

অভিনেত্ৰীগৰাকীৰ পোষ্টটোত বহুতো অনুৰাগীয়ে ধেমেলীয়া মন্তব্য কৰিছে ।

শ্ৰদ্ধা কাপুৰক পৰৱৰ্তী সময়ত ৰাজকুমাৰ ৰাওৰ বিপৰীতে ভৌতিক কমেডি ছবি স্ত্ৰী 2 ত দেখা যাব, য'ত পংকজ ত্ৰিপাঠী আৰু অপৰশক্তি খুৰানাইও অভিনয় কৰিছে । "স্ত্ৰী"ৰ প্ৰথমটো খণ্ড ২০১৮ চনত মুক্তি লাভ কৰিছিল ৷ ছীকুৱেলখন এই বৰ্ষৰ আগষ্টত ছবিগৃহত মুক্তি লাভ কৰিব ৷

লগতে পঢ়ক:অমৰজোত কৌৰৰ ওপৰত মন্তব্য পৰিণীতিৰ; সামাজিক মাধ্য়মত ট্ৰ’ল - PARINEETI CHOPRA

ABOUT THE AUTHOR

...view details