অসম

assam

ETV Bharat / entertainment

মোদীৰ প্ৰশংসাত পঞ্চমুখ শিল্পা শ্বেট্টী, ৰাম মন্দিৰৰ বিষয়ে কি ক’লে শিল্পাই ! - প্ৰধানমন্ত্ৰীলৈ চিঠি শিল্পাৰ

Shilpa Shetty: ২২ জানুৱাৰীত সমগ্ৰ বিশ্বই অযোধ্যা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সাক্ষী হৈছিল । বলীউডৰ পৰা টিভি আৰু দক্ষিণ উদ্যোগলৈকে বহু প্ৰবীণ তাৰকাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । এতিয়া শিল্পা শ্বেট্টীয়ে পি এম মোদীলৈ এই সন্দৰ্ভত চিঠি লিখিছে ।

Shilpa Shetty's Letter To PM Narendra Modi After Ram Mandir Inauguration
প্ৰধানমন্ত্ৰীলৈ চিঠি শিল্পা শ্বেট্টীৰ

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 5:13 PM IST

চিটাৰা ডেস্ক, ১৪ ফেব্ৰুৱাৰী:২২ জানুৱাৰীৰ দিনটো দেশবাসীৰ বাবে আছিল এক ঐতিহাসিক দিন ৷ কিয়নো বহু বছৰৰ অপেক্ষাৰ অন্তত অৱশেষত অযোধ্যাত উদ্বোধন হ’ল ৰাম মন্দিৰ । এই মুহূৰ্তটো আছিল সমগ্ৰ দেশৰ বাবে এক ঐতিহাসিক মুহূৰ্ত । ৰাম মন্দিৰ উদ্বোধন কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এই ঐতিহাসিক দিনটোৰ সাক্ষী হৈছিল দেশৰ বহু ৰাজনীতিবিদ আৰু বলীউডৰ পৰা টলিউডলৈকে বহু চেলিব্ৰিটি ।

এতিয়া অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ প্ৰশংসা কৰিছে বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে । অভিনেত্ৰীগৰাকীয়ে এখন চিঠি লিখিছে, য’ত ভাৰতৰ লাখ লাখ মানুহৰ সপোন পূৰণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক কৃতজ্ঞতা প্ৰকাশ কৰিছে ।

শিল্পা শ্বেট্টীয়ে কি ক’লে ?

মহাৰাষ্ট্ৰ বিজেপিৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স পেজত শ্বেয়াৰ কৰা হৈছে শিল্পা শ্বেট্টীৰ চিঠি । অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে । শিল্পা শ্বেট্টীয়ে লিখিছে, ‘‘সন্মানিত মোদীজী, কোনোৱে ইতিহাস পঢ়ে, কোনোৱে ইতিহাসৰ পৰা শিকে, কিন্তু আপোনাৰ দৰে মানুহে ইতিহাস সলনি কৰে ।’’

৫০০ বছৰীয়া ইতিহাস সলনি হ’ল

অভিনেত্ৰীগৰাকীয়ে লগতে লিখিছে, ‘‘আপুনি ৰাম জন্মভূমিৰ ৫০০ বছৰীয়া ইতিহাস সলনি কৰিলে । অন্তৰৰ পৰা ধন্যবাদ । এই শুভ কৰ্মৰ সৈতে আপোনাৰ নামো শ্ৰীৰামৰ নামৰ সৈতে চিৰদিনৰ বাবে সংযুক্ত হৈ পৰিছে । নমো ৰাম ! জয় শ্ৰী ৰাম !’’

উল্লেখ্য যে, ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত ৰাজনীতিবিদৰ লগতে বহু তাৰকাও উপস্থিত আছিল । অনুষ্ঠানত অৰুণ গোবিল, সুনীল লাহিৰী, দীপিকা চিখলীয়া, অমিতাভ বচ্চন, ৰজনীকান্ত, অভিষেক বচ্চন, ৰণবীৰ কাপুৰ, আলিয়া ভাট, বিকি কৌশল, কেটৰিণা কাইফ, অনুপম খেৰ, বিবেক অবেৰয়, হেমা মালিনী, ৰোহিত শেট্টী, মাধুৰী দীক্ষিত, ৰাজকুমাৰ হিৰাণী , কৈলাশ খেৰ, ৰাম চৰণ, মনোজ যোশী, আদি বহু তাৰকা উপস্থিত আছিল ।

লগতে পঢ়ক:ৰামলালাক দৰ্শনৰ বাবে অযোধ্যাত উপস্থিত অমিতাভ বচ্চন

ABOUT THE AUTHOR

...view details