মুম্বাই : শ্বাহৰুখ খানৰ অনুৰাগী সমগ্ৰ বিশ্বজুৰি বিয়পি আছে । শ্বাহৰুখ খানৰ নামৰ উন্মাদনা সমগ্ৰ বিশ্বতে দেখা যায় । যোৱা ২ নৱেম্বৰত শ্বাহৰুখ খানে ৫৯ সংখ্যক জন্মদিন উদযাপন কৰে ৷ শ্বাহৰুখ খানৰ ঘৰ মন্নতৰ বাহিৰত শ্বাহৰুখ খানৰ এটা মাত্ৰ আভাস পাবলৈ হাহাকাৰ কৰা অনুৰাগীৰ লাইন দেখি সকলোৰে চকু কপালত উঠে । দ্বিতীয় এজন এনেকুৱা তাৰকা নোলাব নিশ্চয় ৷
অনুৰাগীৰ এই ভিৰৰ মাজত এজন অনুৰাগীয়ে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ তেওঁ যোৱা ৯৫ দিন ধৰি নিজৰ আটাইতকৈ প্ৰিয় অভিনেতা শ্বাহৰুখ খানক লগ পাবলৈ অপেক্ষা কৰি আছিল । ঝাৰখণ্ডৰ পৰা আহি মুম্বাইত উপস্থিত হোৱা এইজন অনুৰাগীৰ অৱশেষত সপোন পূৰ হ’ল ৷ শ্বাহৰুখ খানক লগ পোৱাৰ সুযোগ পালে তেওঁ । এতিয়া এই ডাই হাৰ্ড অনুৰাগী মহম্মদ আনছাৰীয়ে শ্বাহৰুখ খানৰ লগত হাত মিলাই থকা এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
শ্বাহৰুখ খানে ঝাৰখণ্ডৰ অনুৰাগীক সাক্ষাৎ কৰে
শ্বাহৰুখ খানৰ এই অনুৰাগীয়ে ঝাৰখণ্ডত কাম বন্ধ কৰি মুম্বাইলৈ আহে তেওঁৰ প্ৰিয় তাৰকাক লগ কৰিবলৈ । শ্বাহৰুখ খানৰ এই ঝাৰখণ্ডী অনুৰাগীয়ে যোৱা ৯৪ দিন ধৰি মন্নতৰ বাহিৰত ‘কিং খান’ৰ আভাস পাবলৈ অপেক্ষা কৰে আৰু শ্বাহৰুখ খানৰ জন্মদিনৰ দিনা মহম্মদ আনছাৰীয়ে তেওঁৰ প্ৰিয় তাৰকাৰ আভাস পায় । জন্মদিনত শ্বাহৰুখ খান অনুৰাগীৰ সৈতে এখন বৈঠকত মিলিত হৈছিল, য’ত শ্বাহৰুখ খানৰ এই অনুৰাগীজনকো আমন্ত্ৰণ জনোৱা হৈছিল । যেতিয়া শ্বাহৰুখে এই কথা জানিব পাৰিলে, তেতিয়া তেওঁ নিজেই নিজৰ ডাই হাৰ্ড ফেনক লগ কৰে আৰু তেওঁৰ লগত এখন ফটোও ক্লিক কৰিলে ।
ফেনৰ সৈতে শ্বাহৰুখ খানৰ ফটো ভাইৰেল
শ্বাহৰুখ খানৰ সৈতে মহম্মদ আনছাৰীৰ এখন ফটো ভাইৰেল হৈ পৰিছে ৷ নিজৰ ডাই হাৰ্ড অনুৰাগীক লগ পাই শ্বাহৰুখ খানক সুখী যেন দেখা গৈছে । অনুৰাগী মহম্মদ আনছাৰীয়ে এক সাক্ষাৎকাৰত কয় যে তেওঁ ঝাৰখণ্ডত এটা কম্পিউটাৰ কেন্দ্ৰ চলাই, যিটো যোৱা তিনি মাহ ধৰি বন্ধ হৈ আছে । মহম্মদ আনছাৰীয়ে কৈছে যে তেওঁ তেওঁৰ প্ৰিয় তাৰকা শ্বাহৰুখ খানক লগ নোপোৱালৈকে মুম্বাই এৰি নাযায় বুলি প্ৰণ লৈছিল । যেতিয়া মহম্মদ আনছাৰীক কোৱা হৈছিল যে শ্বাহৰুখ খানে তেওঁক লগ কৰিব, আনচাৰীয়ে কয়, “শ্বাহৰুখ খানে মোক নহয়, মইহে তেওঁক লগ কৰিম ।” আনহাতে, তিনি মাহৰ বাবে কেন্দ্ৰটো বন্ধ ৰখাৰ ফলত মহম্মদ আনছাৰী যথেষ্ট আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে । এই সন্দৰ্ভত মহম্মদ আনছাৰীয়ে কয়, “যদি মই শ্বাহৰুখ ছাৰক লগ নাপাওঁ, তেন্তে গাঁৱত মোৰ সন্মান নাথাকিব, কিন্তু শ্বাহৰুখ খানে তেওঁৰ অনুৰাগীৰ হৃদয় ভাঙিবলৈ নিদিলে আৰু লগ পাই মোৰ সপোন পূৰণ কৰিলে ।”
লগতে পঢ়ক :চিগাৰেট অবিহনে পাৰ হোৱা নাছিল এটাও দিন কিন্তু এতিয়া...