অসম

assam

ETV Bharat / entertainment

বলীউডৰ বাদশ্বাহলৈ মৃত্যুৰ ভাবুকি

ছলমান খানৰ পিছত, শ্বাহৰুখ খানেও মৃত্যুৰ ভাবুকি লাভ কৰিছে । আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু বিষয়টোৰ তদন্ত কৰি আছে ।

shah rukh khan gets death threat after salman khan fir registered
শ্বাহৰুখ খান (Photo: ANI)

By ETV Bharat Entertainment Team

Published : 4 hours ago

মুম্বাই : আজি ৭ নৱেম্বৰত শ্বাহৰুখ খানে মৃত্যুৰ ভাবুকি লাভ কৰিছে । ছলমান খানৰ পিছত এতিয়া শ্বাহৰুখ খানলৈয়ো আহিছে মৃত্যুৰ ভাবুকি । শ্বাহৰুখ খানক মৃত্যুৰ ভাবুকি দিয়াৰ পিছতে মুম্বাই আৰক্ষী আৰু বান্দ্ৰা থানাত আতংকৰ সৃষ্টি হৈছে । বান্দ্ৰা আৰক্ষীয়ে শ্বাহৰুখ খানৰ ভাবুকি গোচৰত ৩০৮ (৪) আৰু ৩৫১ (৩) (৪) ধাৰাত গোচৰ ৰুজু কৰিছে । খবৰ অনুসৰি মুম্বাই আৰক্ষীয়ে শ্বাহৰুখ খানক হত্যাৰ ভাবুকি দিয়া এজন ব্যক্তিৰ ফোন লাভ কৰিছে ।

শ্বাহৰুখ খানৰ জীৱন বিপদাপন্ন

আৰক্ষীৰ মতে শ্বাহৰুখ খানক ভাবুকি দিয়া ব্যক্তিজন ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ বুলি জানিব পৰা গৈছে, যাৰ নাম ফৈজান খান । এতিয়া আৰক্ষীয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে আৰু লগতে ছলমান খানৰ জীৱনৰ প্ৰতি ভাবুকি আনি থকা লৰেন্স বিষ্ণৈ গেংটো এই ভাবুকিৰ সৈতে কেনেবাকৈ জড়িত আছে নেকি সেয়াও তদন্ত কৰি আছে । বাতৰিবোৰ যদি বিশ্বাস কৰিব লাগে তেন্তে শ্বাহৰুখ খানক ভাবুকি দিয়া ব্যক্তিজনেও ৫০ লাখ টকা দাবী কৰিছে । আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু ইয়াৰ বাবে এটা দল ৰায়পুৰত উপস্থিত হৈছে ।

শ্বাহৰুখ খানে ইয়াৰ পূৰ্বেও ভাবুকি লাভ কৰিছিল

২০২৩ চনত ‘পাঠান’ আৰু ‘জোৱান’ৰ বিপুল সফলতাৰ পিছত শ্বাহৰুখ খানে মৃত্যুৰ ভাবুকি লাভ কৰিছিল, তাৰ পিছত তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল । আজিকালি শ্বাহৰুখ খানক তেওঁৰ নতুন ছবিখনৰ ডাবিং ষ্টুডিঅ’ত ঘনাই দেখা পোৱা গৈছে । শেহতীয়াকৈ শ্বাহৰুখ খানে ৫৯ সংখ্যক জন্মদিন উদযাপন কৰে । জন্মদিনৰ ৫ দিনৰ পাছতেই শ্বাহৰুখ খানলৈ মৃত্যুৰ ভাবুকি আহিছে ।

বৰ্তমান লৰেন্স বিষ্ণৈৰ টাৰ্গেটত আছে ছলমান খান । ইটোৰ পিছত সিটোকৈ মৃত্যুৰ ভাবুকি লাভ কৰিছে ছলমান খানে আৰু এতিয়া সহ-অভিনেতা তথা বন্ধু শ্বাহৰুখ খানেও মৃত্যুৰ ভাবুকি লাভ কৰিছে । এই খবৰে শ্বাহৰুখ খানৰ অনুৰাগীৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে । বৰ্তমান শ্বাহৰুখ খান ব্যস্ত হৈ পৰিছে তেওঁৰ আটাইতকৈ প্ৰত্যাশিত ছবি কিঙৰ প্ৰস্তুতিত ।

লগতে পঢ়ক :হয় ক্ষমা খোজক নতুবা টকা দিয়ক অন্যথা মৃত্যু নিশ্চিত, ছলমানলৈ ভাবুকি

ABOUT THE AUTHOR

...view details