হায়দৰাবাদ : ব্যক্তিগত জীৱন আৰু চলচ্চিত্ৰৰ মাজেৰে অমৃতা সিঙৰ যাত্ৰা তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিৰ সফলতা আৰু ব্যক্তিগত পৰিৱৰ্তন দুয়োটাই চিহ্নিত কৰিছে ৷ জীৱনৰ সকলো ঘটনাই তেওঁৰ কেৰিয়াৰ আৰু পৰিচয় গঢ়ি তুলিছে । মাত্ৰ ১৮ বছৰ বয়সতে ১৯৮৩ চনত বেতাবৰ মুক্তিৰ লগে লগে তেওঁৰ অভিনয় জীৱন আৰম্ভ হয় । সেই সময়ত, তেওঁ চলচ্চিত্ৰ উদ্যোগৰ জটিলতাবোৰহে কেৱল বুজিবলৈ আৰম্ভ কৰিছিল । সফল আত্মপ্ৰকাশ কৰে তেওঁ উদ্যোগটোত আৰু এগৰাকী জনপ্ৰিয় তাৰকা হৈ ধৰা দিয়ে, যিয়ে মৰ্ড, চামেলি কি শাদী, নাম, ৱাৰিছ, দিল আশনা হে, আইনা (১৯৯৩) আদি চলচ্চিত্ৰত অভিনয় কৰে । এই চলচ্চিত্ৰসমূহে ১৯৮০ ৰ দশকৰ শেষৰ ফালে আৰু ১৯৯০ ৰ দশকৰ আৰম্ভণিতে বলীউডৰ এগৰাকী আগশাৰীৰ তাৰকা হিচাপে তেওঁৰ মৰ্যাদা দৃঢ় কৰি তোলে ।
প্ৰাৰম্ভিক সফলতা লাভ কৰা স্বত্বেও, অমৃতা কেতিয়াও উচ্চাকাংক্ষাৰ দ্বাৰা চালিত হোৱা নাছিল । তেওঁ তেওঁৰ সফলতা উপভোগ কৰিছিল কিন্তু উদ্যোগটোৰ ক্ষণস্থায়ী প্ৰকৃতি বুজি পাইছিল । ব্যক্তিগত জীৱনৰ এক নিৰ্ধাৰিত পৰিৱৰ্তনত অমৃতা ১৯৯১ চনত ছৈফ আলী খানৰ সৈতে বিয়াত বহে । বয়সৰ পাৰ্থক্যৰ বাবে সংবাদ মাধ্যমৰ যথেষ্ট মনোযোগ আকৰ্ষণ কৰে তেওঁলোকৰ সম্পৰ্কই ৷ অমৃতা ছৈফতকৈ ১২ বছৰ ডাঙৰ হোৱাটো তেওঁৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায় আছিল । তেওঁ অনুভৱ কৰিছিল যে অভিনয় জীৱনজোৰা সাধনা হয়তো নহ’বও পাৰে, সেয়ে তেওঁ বিয়াৰ পিছত তেওঁৰ পৰিয়ালক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত লৈছিল । যদিও তেওঁ লাইমলাইটৰ পৰা আঁতৰি গৈছিল, তেওঁৰ বিবাহৰ সময়ত মুক্তি দিয়া কেইখনমান চলচ্চিত্ৰ যেনে আকাইলা, ৰাজু বান গয়া জেন্টলমেন, সূৰ্যবংশী, আইনা আৰু ৰং আদি ২০০৪ চনলৈকে চলিছিল ।
বিবাহে প্ৰায়ে সুৰক্ষা, সংগী আৰু একেলগে জীৱন ভাগ বতৰা কৰা সপোনৰ অনুভূতি প্ৰদান কৰে । অৱশ্যে অমৃতাৰ ক্ষেত্ৰত বিয়া আত্ম-প্ৰতিফলনৰ কাৰক হৈ পৰিছিল । দ্বিতীয় ইনিংছ আৰম্ভ কৰা অমৃতাই এক দূৰদৰ্শন সাক্ষাৎকাৰত তেওঁৰ বিবাহিত জীৱনৰ বিষয়ে মুকলিকৈ কৈছিল, “বিয়াৰ পিছত মই অলস আৰু আত্মতুষ্ট হৈ পৰিছিলো । কোনোবাই মোক কৈছিল যে মহিলাসকলৰ বাঁহ সাজিবলৈ বহু আগ্ৰহ থাকে, আৰু মই এই বাঁহটোত চৰ্বিযুক্ত অষ্ট্ৰিছৰ দৰে দেখিবলৈ আৰম্ভ কৰিছিলো । মই কেৱল সুখী আছিলোঁ, মোৰ লা-লা দেশত বাস কৰিছিলোঁ ।” পিছলৈ তেওঁ অনুভৱ কৰিছিল যে এই আত্মসন্তুষ্টিৰ অনুভূতিয়ে তেওঁৰ ব্যক্তিগত বিকাশৰ ওপৰত প্ৰভাৱ পেলাইছিল ।
কেৰিয়াৰত আগবাঢ়ি গৈ থকা ছৈফৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা স্বত্বেও অমৃতাই কেতিয়াও তাৰকা পত্নী হোৱাৰ সাধাৰণ চাপৰ সন্মুখীন হোৱা নাছিল । স্বামীক ধুনীয়া মহিলাই আৱৰি থকাৰ বাবে তেওঁ অসুৰক্ষিত অনুভৱ কৰিছে নেকি বুলি সোধাত তেওঁ স্পষ্টভাৱে উত্তৰ দিছিল, “মই যদি পৰম্পৰাগত তাৰকা পত্নী হ'লোহেঁতেন, তেন্তে নিৰাপত্তাহীনতা থাকিলহেঁতেন, যিটো মই নাছিলো । মই তাৰকা পত্নী হোৱাৰ আগতে এগৰাকী তাৰকা আছিলো । সেয়েহে, মোৰ সেই নিৰাপত্তাহীনতা নাছিল ।”
অমৃতাই লগতে শ্বেয়াৰ কৰে যে অভিনেতা হিচাপে অনুভৱ কৰিব পৰা নিৰাপত্তাহীনতাবোৰ প্ৰায়ে সুস্থ হ’ব পাৰে, কিয়নো ই সৃষ্টিশীলতা আৰু বিকাশৰ ক্ষেত্ৰত সহায় কৰে । কিন্তু তাৰকা পত্নী হিচাপে নিৰাপত্তাহীনতাই মানুহৰ মানসিক আৰু আৱেগিক সুস্থতাৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব পাৰে । ব্যক্তিগত আৰু পেছাদাৰী দুয়োটা ক্ষেত্ৰতে আত্মবিশ্বাসৰ গুৰুত্বৰ কথা চিন্তা কৰি তেওঁ মন্তব্য কৰে যে যদি আপুনি এজন নিৰাপত্তাহীন ব্যক্তি হয়, তেন্তে আপুনি তাৰকা পত্নী হৈ সুখী হ’ব নোৱাৰে ।
যদিও বহুতে বিবাহ বিচ্ছেদক জীৱনৰ এক ডাঙৰ সংকট বুলি বিবেচনা কৰিব বিচাৰে, এই ক্ষেত্ৰত অমৃতাই প্ৰকাশ কৰিছিল যে তেওঁ সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ সংকটটো হৈছে তেওঁৰ মাতৃৰ মৃত্যু । তেওঁৰ মাতৃ তেওঁৰ একমাত্ৰ শক্তিৰ স্তম্ভ আছিল, আৰু জীৱনৰ এক গুৰুত্বপূৰ্ণ সময়ত মাতৃক হেৰুৱাটো তেওঁৰ বাবে এক বিধ্বংসী আঘাত আছিল । ভঙা ঘৰৰ পৰা অহা আৰু কোনো ভাই-ভনী নোহোৱা অমৃতাই মাকৰ মৃত্যুৰ পিছত পৰিয়ালৰ কোনো লোকৰ সহায় অবিহনে নিজকে বিচাৰি পাইছিল । তেওঁ বৰ্ণনা কৰিছিল যে এই ক্ষতি ছৈফৰ পৰা পৃথক হোৱাতকৈ বহুত বেছি বেদনাদায়ক আছিল ।
অভিনয় ত্যাগ কৰি ব্যক্তিগত জীৱনক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত সন্দৰ্ভত অমৃতা সংকল্পবদ্ধ হৈ থাকিল । কেৰিয়াৰৰ পৰা আঁতৰি অহাৰ বাবে অনুশোচনা আছে নেকি বুলি সোধাত তেওঁ কয় যে একেবাৰেই অনুশোচনা অনুভৱ নকৰে তেওঁ । তেওঁৰ বাবে ৰাজহুৱা কেৰিয়াৰ বজাই ৰখাতকৈ পৰিয়াল আৰু ব্যক্তিগত পূৰ্ণতা অধিক গুৰুত্বপূৰ্ণ আছিল ।
১৯৯১ চনত আৰম্ভ হোৱা অমৃতা আৰু ছৈফৰ বিবাহ ২০০৪ চনত সমাপ্ত হয় । তেওঁলোকৰ দুটা সন্তান আছে- কন্যা ছাৰা আলী খান আৰু পুত্ৰ ইব্ৰাহিম আলী খান । যদিও ছৈফে কৰীণা কাপুৰ খানৰ সৈতে পুনৰ বৈবাহিক জীৱন আৰম্ভ কৰে, তাৰ পৰিৱৰ্তে কিন্তু অমৃতাই অবিবাহিত হৈ থকাটো পছন্দ কৰে, তেওঁ সন্তানক ডাঙৰ-দীঘল কৰা আৰু অধিক ব্যক্তিগত জীৱন যাপন কৰাত গুৰুত্ব দিয়ে ।