অসম

assam

ETV Bharat / entertainment

কেতিয়াবা যদি নমস্কাৰ, কেতিয়াবা ফ্লাইং কিছ, আনন্দত আত্মহাৰা কিং খান - KKR Vs SRH

KKR Vs SRH : আই পি এলত শ্বাহৰুখ খানৰ দল কলকাতা নাইট ৰাইডাৰ্ছে মঙলবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদক প্ৰথমখন কোৱালিফায়াৰৰ ৰোমাঞ্চকৰ মেচত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে ৷ যাৰ বাবে আনন্দত আত্মহাৰা হৈ পৰে কিং খান ৷ তেওঁৰ লগতে বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডে, শ্বানায়া কাপুৰ আদিয়ে খেলখনৰ কিছু মুহূৰ্ত ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ।

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:31 AM IST

Updated : May 22, 2024, 1:23 PM IST

shah-rukh-khan-abram-suhana-celebrate-kkrs-win-over-srh-ananya-panday-shanaya-kapoor-share-excitement
কেতিয়াবা যদি নমস্কাৰ কেতিয়াবা ফ্লাইং কিছ, মেচত জয়ী হোৱাৰ পিচত আনন্দত আত্মহাৰা কিং খান (ETV BHARAT HINDI)

চিটাৰা ডেস্ক, 22 মে’: কলকাতা নাইট ৰাইডাৰ্ছৰ অনুৰাগীৰ বাবে মঙলবাৰৰ দিনটো আছিল অতি গুৰুত্বপূৰ্ণ ৷ দলটোৱে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে প্ৰথমখন কোৱালিফায়াৰ মেচত জয়ী হৈ প্ৰশস্ত কৰে ফাইনেলৰ পথ ৷

উল্লেখ্য যে, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত শ্বাহৰুখ খান, দুই সন্তান ক্ৰমে আব্ৰাহাম আৰু সুহানাকে ধৰি আন বি-টাউনৰ চেলিব্ৰিটিসকলে কলকাতা নাইট ৰাইডাৰ্ছৰ খেল উপভোগৰ বাবে উপস্থিত হয় ৷

কেতিয়াবা যদি নমস্কাৰ কেতিয়াবা ফ্লাইং কিছ, মেচত জয়ী হোৱাৰ পিচত আনন্দত আত্মহাৰা কিং খান (ETV BHARAT ENGLISH)

শ্বাহৰুখ খানৰ নেতৃত্বাধীন কলকাতা নাইট ৰাইডাৰ্ছক সমৰ্থন কৰা অনুৰাগীসকলৰ বাবে এই সন্ধিয়াটো কোনো শ্বাসৰুদ্ধকাৰী মুহূৰ্ত এটাতকৈ কম নাছিল ৷ মঙলবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলি আই পি এল ২০২৪ ৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় কলকাতা নাইট ৰাইডাৰ্ছ ৷

কে কে আৰে উক্ত মেচত ১৫৯ ৰাণত এছ আৰ এইচক পৰাস্ত কৰাত আনন্দত আত্মহাৰা হৈ পৰে অনুৰাগীসকল ৷

কে কে আৰ-ৰ জয়ক লৈ অনন্যা-শ্বানায়াৰ বিশেষ পোষ্ট:

সুহানাৰ অন্তৰংগ বান্ধৱী অনন্যা পাণ্ডে আৰু শ্বানায়া কাপুৰেও এই খবৰটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ৷ এছ আৰ কে, দুই সন্তান ক্ৰমে আবৰাম আৰু সুহানা খান, অভিনেতা অগস্ত্য নন্দা আদিয়ে মেচখনত উপস্থিত থাকি এই স্মৰণীয় মুহূৰ্তৰ সাক্ষী হৈ ৰয় ৷ অনন্যা পাণ্ডেয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা ভিডিঅ’ পোষ্ট কৰে, য’ত জৱান খ্যাত অভিনেতা কিং খানে তেওঁৰ দলটোৱে জয়লাভ কৰাৰ পিচত নিজৰ অনুৰাগীক হাত জোকাৰি চুমাৰে উষ্ম সম্ভাষণ জনায় ৷

কে কে আৰে ৮ উইকেটত জয় লাভ কৰাৰ সময়তে ষ্টেডিয়ামৰ ফটো শ্বেয়াৰ কৰে শ্বানায়া কাপুৰ আৰু সুহানা খানে ৷ কাপুৰে ষ্টেডিয়ামৰ পৰা ড্ৰিম গাৰ্ল ২ খ্যাত অভিনেত্ৰী অনন্যাৰ সৈতে চেলফি শ্বেয়াৰ কৰে ৷ দুয়োগৰাকী তাৰকাই কে কে আৰৰ ল’গ’ থকা বগা টি-চাৰ্ট পৰিধান কৰা দেখা যায় ৷

আই পি এলৰ ইতিহাসত চতুৰ্থবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰে কে কে আৰ

ইফালে, মেচখনৰ আন কেইবাটাও মুহূৰ্তৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ৷ এটা ভিডিঅ’ত খান পৰিয়ালে আনুষ্ঠানিকভাৱে বিজয়ৰ কথা ঘোষণা কৰে ৷ আন এটা মৰমলগা মুহূৰ্তত দেখা গৈছে যে, এছ আৰ কে-এ পুত্ৰ আব্ৰাহামৰ কপালত চুমা খাই মেচত জয়ী হোৱাৰ আনন্দ প্ৰকাশ কৰে ৷ এই জয়েৰে কলকাতা নাইট ৰাইডাৰ্ছে চতুৰ্থবাৰৰ বাবে আই পি এলৰ ফাইনেলত প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰে ৷

লগতে পঢ়ক:লণ্ডনত আৰম্ভ হ’ব 'কিং' ৰ দৃশ্যগ্ৰহণ: পিতৃ-কন্যাৰ যুটিক চাবলৈ অপেক্ষাৰত দৰ্শক - King Shooting In London

Last Updated : May 22, 2024, 1:23 PM IST

ABOUT THE AUTHOR

...view details