চিটাৰা ডেস্ক, ১২ ফেব্ৰুৱাৰী:পুনৰ কাম আৰম্ভ কৰিছে অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৱে । অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এটা পোষ্টৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰিছে । আচলতে অভিনেত্ৰীগৰাকী অটো ইম্যুন কণ্ডিচন (মাইঅ’চাইটিছ)ত আক্ৰান্ত, যাৰ বাবে অভিনয়ৰ পৰা বিৰতি লৈছিল । অভিনয়ৰ পৰা বিৰতি লোৱাৰ কথা ঘোষণা কৰাৰ পিচতে তেওঁ সম্পূৰ্ণ ৰূপে কাম-কাজৰ পৰা দূৰত আছিল । কিন্তু এটা বিৰতিৰ পিচত আকৌ ঘূৰি আহিছে সামান্থা ৷ এতিয়া স্বাস্থ্য প’ডকাষ্টৰ কাম কৰিব অভিনেত্ৰীগৰাকীয়ে । অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব প’ডকাষ্ট ।
আকৌ কামলৈ উভতিল সামান্থা ৰুথ প্ৰভু
অভিনেত্ৰী সামান্থাই এই সন্দৰ্ভত কয়, ‘‘হয়, অৱশেষত মই কামলৈ উভতি যাম । অভিনয়ৰ পৰা বিৰতি লোৱাৰ কথা ঘোষণা কৰাৰ পিচত মই সম্পূৰ্ণ নিবনুৱা হৈ পৰিছিলো । কিন্তু বন্ধু এজনৰ লগত কিবা এটা সুন্দৰ কাম কৰি আছো । এইটো এটা স্বাস্থ্য প’ডকাষ্ট । এই কামটো মোৰ বৰ ভাল লাগিল । মই ইয়াৰ প্ৰতি অতি আবেগিক আৰু মই অতি উত্তেজিত । অহা সপ্তাহত মুক্তি পাব । আশাকৰোঁ আপোনালোকৰ মাজৰ কিছুমানে ইয়াক সঁচাকৈয়ে উপযোগী বুলি বিবেচনা কৰিব ৷’’