অসম

assam

ETV Bharat / entertainment

ছলমান খানৰ জীৱনৰ মূল্য 5 কোটি টকা !

পুনৰ ভাবুকিৰ সন্মুখীন ছলমান খান ৷ 5 কোটি টকা আদায় দিলে বিষ্ণৈৰ সৈতে শত্ৰুতা শেষ ! নহ’লে বাবা ছিদ্দিকীতকৈ পৰিণাম হ’ব ভয়াৱহ ৷

By ETV Bharat Entertainment Team

Published : 5 hours ago

Salman Khan Again Under Threat Pay  5 Crore To End Enmity With Bishnoi
ছলমান খান (Photo : Etv Bharat)

চিটাৰা ডেস্ক, 18 অক্টোবৰ : মুম্বাই ট্ৰেফিক পুলিচে এক ভাবুকিপূৰ্ণ বাৰ্তা লাভ কৰিছে, য’ত অভিনেতা ছলমান খানক প্ৰেৰকে লৰেন্স বিষ্ণৈৰ সৈতে বিবাদ সমাপ্ত কৰিবলৈ 5 কোটি টকা পৰিশোধ কৰিবলৈ দাবী জনাইছে । বাৰ্তাপ্ৰেৰকে লৰেন্স বিষ্ণৈ দলৰ সদস্য বুলি দাবী কৰিছে । হোৱাটছএপ বাৰ্তা অনুসৰি, যদি পৰিমাণটো পৰিশোধ কৰা নহয়, খানৰ ভাগ্য শেহতীয়াকৈ হত্যা কৰা প্ৰাক্তন বিধায়ক বাবা ছিদ্দিকীতকৈও বেয়া হ’ব ।

“এইটো সহজভাৱে নল’ব । যদি ছলমান খানে জীয়াই থাকিব বিচাৰে আৰু লৰেন্স বিষ্ণৈৰ সৈতে শত্ৰুতা সমাপ্ত কৰিব বিচাৰে, তেন্তে তেওঁ 5 কোটি টকা দিব লাগিব । যদি টকা পৰিশোধ কৰা নহয়, ছলমান খান বাবা ছিদ্দিকীতকৈয়ো ভয়ংকৰ পৰিণতিৰ সন্মুখীন হ’ব”, বাৰ্তাটোত এইদৰে লিখা আছিল । বাৰ্তাপ্ৰেৰকক বিচাৰি উলিওৱাৰ বাবে এতিয়া তদন্ত আৰম্ভ কৰা হৈছে ।

ছলমান খানৰ এজন প্ৰিয় বন্ধু এন চি পি নেতা ছিদ্দিকী (66) ক যোৱা 12 অক্টোবৰত বান্দ্ৰাস্থিত তেওঁৰ বিধায়ক পুত্ৰ জীছান ছিদ্দিকীৰ কাৰ্যালয়ৰ বাহিৰত গুলীয়াই হত্যা কৰা হৈছিল । পিছত আৰক্ষীয়ে এই গোচৰত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক :ছলমান খান-ডাউদ ইব্ৰাহিমৰ সহায়কাৰীক মুকলি ভাবুকি

বলীউডৰ অভিনেতাজন যোৱা কেইমাহমানধৰি লক্ষ্য হৈ আছে, বিষ্ণৈ দলৰ পৰা বাৰে বাৰে ভাবুকি লাভ কৰিছে । 14 এপ্ৰিলত বান্দ্ৰাস্থিত অভিনেতাগৰাকীৰ বাসগৃহৰ বাহিৰত দুজন শ্বুটাৰে পাঁচটা গুলী চলোৱাৰ কেইবামাহ পিছতে বাবা ছিদ্দিকীৰ হত্যাকাণ্ড সংঘটিত হৈছে ।

মুম্বাই আৰক্ষীয়ে এই বাৰ্তাৰ উৎপত্তি জানিবলৈ চেষ্টা চলাই আছে আৰু ছলমান খানৰ বান্দ্ৰা বাসগৃহৰ আশে-পাশে নিৰাপত্তা বৃদ্ধি কৰিছে । পূৰ্বৰ ভাবুকিৰ পিছতে অভিনেতাগৰাকী হাই এলাৰ্টত আছিল । বৃহস্পতিবাৰে নৱী মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লৰেন্স বিষ্ণৈ গেঙৰ এজন প্ৰধান সদস্যক । পানীপথত আটক কৰা সুখা ওৰফে সুখবীৰ বলবীৰ সিঙক ছলমান খানক হত্যা কৰিবলৈ ঠিক কৰা চক্ৰান্তৰ অন্তৰ্গত বুলি অনুমান কৰা হৈছে ।

নিৰাপত্তাক লৈ উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে ছলমান খানক Y+ নিৰাপত্তা প্ৰদান কৰা হৈছে । মুম্বাই আৰক্ষীয়ে গেলেক্সী এপাৰ্টমেণ্টৰ বাহিৰতো মুখ চিনাক্তকৰণ প্ৰযুক্তিৰে সজ্জিত এআই সক্ষম হাই ৰিজ’লিউশ্যন চিচিটিভি কেমেৰা স্থাপন কৰিছে ।

লগতে পঢ়ক :ছলমান খানক হত্যাৰ ষড়যন্ত্ৰ, হাৰিয়ানাৰ পৰা নৱী মুম্বাই আৰক্ষীয়ে আটক কৰে এজনক

লৰেন্স বিষ্ণৈলৈ বাৰ্তা পঠিয়াই খলকনি তুলিছে ছলমানৰ প্ৰাক্তন প্ৰেমিকাই

ABOUT THE AUTHOR

...view details