চিটাৰা ডেস্ক, ২৫ জানুৱাৰী: বলীউডৰ অভিনেতা ছলমান খান কেৱল নিজৰ অভিনয়ৰ বাবেই নহয়, নিজৰ মহানুভৱতাৰ বাবেও পৰিচিত ৷ ভাইজানে নিজৰ প্ৰত্যেকখন ছবিৰ পৰা পোৱা পাৰিশ্ৰমিকৰ ৯০ শতাংশ চেৰিটিত দান কৰে ৷ কেৱল ইমানেই নহয়, বহু শিশুৰ বেমাৰৰ চিকিৎসাৰো দায়িত্ব লয় অভিনেতাগৰাকীয়ে ৷ যিমান সম্ভৱপৰ হয়, সহায় কৰিবলৈ চেষ্টা কৰে ছলমান খানে ৷ কেৱল অনুৰাগীকেই নহয়, চলচ্চিত্ৰ জগতৰ বহু চেলিব্ৰিটিকো বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াই ভাইজানে ৷ এইখিনিতে ক’ব লাগিব যে বহু বছৰ পূৰ্বে এটি শিশুক ভাইজানে প্ৰতিশ্ৰুতি দিছিল ৷ অৱশেষত ছলমান খানে পূৰণ কৰিলে সেই প্ৰতিশ্ৰুতি ৷ ছলমান খানে ৯ বছৰীয়া শিশু জগনবীৰক এটা প্ৰতিশ্ৰুতি দিছিল । আচলতে জগনবীৰ কৰ্কট ৰোগত আক্ৰান্ত আছিল আৰু ৫ বছৰ ধৰি ৯টা কেমোথেৰাপিৰ অন্তত কেন্সাৰক পৰাজয় কৰিবলৈ সক্ষম হয় । এতিয়া সুস্থ হৈ উঠাৰ পিচতে জগনে পোনে পোনে বান্দ্ৰালৈ যায় আৰু ছলমান খানক লগ কৰে ।
২০১৮ চনত ছলমান খানক প্ৰথমবাৰ লগ পাইছিল জগনবীৰে
২০১৮ চনত ছলমান খানে নিজৰ কণমানি বন্ধু জগনবীৰক লগ পাইছিল । সেই সময়ত জগনবীৰৰ বয়স মাত্ৰ ৪ বছৰ আছিল । সংবাদ মাধ্যমৰ খবৰ অনুসৰি, যেতিয়া ছলমানে জগনবীৰক প্ৰথমবাৰৰ বাবে লগ পাইছিল, তেতিয়া শিশুটিক মুম্বাইৰ টাটা মেম’ৰিয়েল চেণ্টাৰত ভৰ্তি কৰোৱা হৈছিল, য’ত টিউমাৰৰ চিকিৎসাৰ বাবে কেমোথেৰাপি চলি আছিল । কেমো চিকিৎসাৰ সময়ত জগনে দৃষ্টিশক্তি হেৰুৱাইছিল । ছলমান খান যেতিয়া জগনবীৰক লগ কৰিবলৈ গৈছিল তেতিয়া অভিনেতাজনক তেওঁৰ মুখখন আৰু হাতত থকা ব্ৰেচলেটটো ধৰি চিনি পাইছিল ।