অসম

assam

ETV Bharat / entertainment

ধৰ্মবীৰ 2 ৰ ট্ৰেইলাৰ মুকলি ছলমান খানৰ: জীতেন্দ্ৰ-গোবিন্দাৰ আবেগিক মুহূৰ্ত - DHARMAVEER TRAILER LAUNCH

Salman Khan in Mumbai: বলীউডৰ প্ৰবীণ অভিনেতা জীতেন্দ্ৰ, গোবিন্দা আৰু ছলমান খানক মাৰাঠী ছবি ধৰ্মবীৰ 2 ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত একেলগে দেখিবলৈ পোৱা যায় ৷ একেটা অনুষ্ঠানতে অভিনেতা ছলমানে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেকো সাক্ষাৎ কৰে ৷

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 7:42 PM IST

DHARMAVEER TRAILER LAUNCH
বলীউডৰ অভিনেতা ছলমান খান (ANI)

চিটাৰা ডেস্ক, 21 জুলাই:শেহতীয়াকৈ বলীউডৰ তাৰকা অভিনেতা ছলমান খানক মুক্তিলাভ কৰিবলগীয়া মাৰাঠী ছবি ধৰ্মবীৰ 2 ৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰা দেখা গৈছে ৷ শনিবাৰে এই অনুষ্ঠানত একেলগে অংশগ্ৰহণ কৰিছিল প্ৰবীণ অভিনেতা জীতেন্দ্ৰ, গোবিন্দাকে ধৰি বলীউডৰ কেইবাগৰাকীও তাৰকাৰ লগতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই ৷ 20 জুলাইত মুম্বাইত অনুষ্ঠিত হৈছিল এই অনুষ্ঠান ৷

উল্লেখযোগ্য যে, এই অনুষ্ঠানত উপস্থিত থকা ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিল মুম্বাই বিজেপিৰ সভাপতি আশীষ শ্বেলাৰ, ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাৱিছ ইত্যাদি ৷ প্ৰয়াত শিৱসেনা নেতা আনন্দ দিঘেৰ জীৱন আৰু উত্তৰাধিকাৰক বিষয়বস্তু হিচাপে লৈ ধৰ্মবীৰ 2 নিৰ্মাণ কৰা হৈছে ৷

লগতে পঢ়ক:অনস্ক্ৰীণত আন এগৰাকীৰ সৈতে স্বামীৰ ঘনিষ্ঠ মুহূৰ্ত: বেড নিউজ সঁচাকৈয়ে বেড হ’ল নেকি বিকীৰ বাবে ? - Katrina Kaif Reviews Bad Newz

ট্ৰেইলাৰ মুকলিৰ সময়ত দৰ্শকে বলীউডৰ অভিনেতাসকলক আলিংগনৰে ইজনে-সিজনক সম্ভাষণ জনোৱা প্ৰত্যক্ষ কৰিছিল ৷ ছলমান খানে অনুষ্ঠানটোত এক বিশেষ ভংগীমাত প্ৰৱেশ কৰিছিল উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷ অভিনেতাগৰাকীৰ পিন্ধনত আছিল তেওঁৰে স্বাক্ষৰিত এটি ক'লা টি-চাৰ্ট আৰু ডেনিম জিনছৰ পেণ্ট ৷ ছলমানৰ সৈতে একেখন মঞ্চতে উপস্থিত আছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, অভিনেতা গোবিন্দা, জীতেন্দ্ৰ আৰু অন্যান্যসকল ৷

অনুষ্ঠানটোৰ এটা ভিডিঅ'ত টাইগাৰ 3 খ্যাত তাৰকাগৰাকীক সকলো বিশিষ্ট ব্যক্তিৰ সৈতে ভাৱৰ আদান-প্ৰদান কৰা দেখা যায় । অভিনেতা বন্ধু গোবিন্দা আৰু জ্যেষ্ঠ অভিনেতা জীতেন্দ্ৰকো সাৱটি ধৰি ছলমানে আদৰণি জনায় ৷ এনে কাৰ্যৰ দ্বাৰা ট্ৰেইলাৰ মুকলি অনুষ্ঠানটোত দৰ্শকৰ মধ্য়মণি হৈ পৰে বলীউডৰ অভিনেতাগৰাকী ৷

পেছাদাৰী ক্ষেত্ৰত খানে মুক্তি লাভ কৰিবলগীয়া ছবি শিকন্দৰৰ চিত্ৰগ্ৰহণত ব্যস্ত হৈ আছে । এ আৰ মুৰুগাডছৰ দ্বাৰা পৰিচালিত আৰু চাজিদ নাদিয়াদৱালাৰ দ্বাৰা প্ৰযোজিত ছবিখন 2025 চনৰ ঈদৰ বন্ধত মুক্তি লাভৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:ব্ৰেকআপৰ পিচতো থাকি যোৱা মৰমৰ বাবেই সুস্মিতাৰ কাষত ৰহমান - Sushmita Rohman latest video

ABOUT THE AUTHOR

...view details