অসম

assam

অৰ্পিতাৰ জন্মদিনত ছলমানৰ প্ৰেমিকা বুলি জনাজাত ইউলিয়া ভান্টুৰ - Salman sister Arpita Khan birthday

By ETV Bharat Entertainment Team

Published : Aug 3, 2024, 2:18 PM IST

Arpita Khan Sharma Birthday :যোৱা নিশা ছলমান খানে ভগ্নী অৰ্পিতা খান শৰ্মাৰ জন্মদিন উদযাপন কৰে । পৰিয়ালৰ সকলো উপস্থিত আছিল কেক কটাৰ সময়ত ৷ এই পাৰিবাৰিক উদযাপনত অভিনেতাজনৰ সৈতে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা ইউলিয়া ভান্টুৰকো দেখা যায় । ভিডিঅ’ চাওক ৷

Salman khan celebrated his sister Arpita Khan Sharma birthday with rumoured GF Iulia Vantur WATCH
সমগ্ৰ পৰিয়ালৰে সৈতে ভগ্নীৰ জন্মদিন উদযাপন কৰে ছলমানে (ANI)

চিটাৰা ডেস্ক, 3 আগষ্ট : ছলমান খানৰ ভগ্নী অৰ্পিতা খান শৰ্মাৰ জন্মদিন উদযাপনৰ ভিডিঅ’ আৰু ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ভগ্নী অৰ্পিতা খানৰ জন্মদিন উদযাপনত উপস্থিত থাকে ভাইজান । এফালে ছলমান খানৰ অনুষ্ঠান বিগ বছ অ'টিটিৰ তৃতীয় ছিজনৰ ফাইনেল চলি আছিল আৰু আনহাতে ছলমান খানে তেওঁৰ ভগ্নী অৰ্পিতা খান শৰ্মাৰ জন্মদিন ঘৰত পৰিয়ালৰ সৈতে উদযাপন কৰি আছিল ।

জেনেলিয়া দেশমুখৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Genelia Deshmukh Instagram Story)

অৰ্পিতা খানৰ জন্মদিনত, গোটেই খান পৰিয়ালটোকে এখন ছাদৰ তলত একেলগে দেখা যায় । ছলমান খানৰ প্ৰেমিকা বুলি জনাজাত ইউলিয়া ভান্টুৰো অৰ্পিতা খান শৰ্মাৰ জন্মদিনৰ পাৰ্টীত উপস্থিত থাকে । ইয়াৰ উপৰিও ঘৰৰ সকলো সদস্য যেনে ছলমান খান, মাতৃ, ভাতৃ চোহেইল খান সকলোকে একেটা ফ্ৰেমত বন্দী কৰা হৈছে ।

ৰিতেশ দেশমুখৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Riteish Deshmukh Instagram Story)

ৰিতেশ দেশমুখ তেওঁৰ তাৰকা পত্নী জেনেলিয়া ডিচুজাৰ সৈতে এই পাৰ্টীত উপস্থিত হয় । ৰিতেশ আৰু জেনেলিয়াই ছলমান খানৰ ভগ্নী অৰ্পিতা খান শৰ্মাৰ জন্মদিন উদযাপনৰ আভাস শ্বেয়াৰ কৰিছে । বলীউডৰ আটাইতকৈ মৰমিয়াল তাৰকা যুটিয়ে অৰ্পিতা খানক তেওঁৰ জন্মদিনৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে ।

ছ’চিয়েল মিডিয়াত দেখিবলৈ পোৱা ভিডিঅ’ত দেখা গৈছে যে অৰ্পিতা খান শৰ্মাই নিজ কন্যা আৰু স্বামীৰ সৈতে জন্মদিনৰ কেক কাটিছে । কেক কাটি অৰ্পিতাই প্ৰথমে স্বামীক আৰু তাৰ পিচত জ্যেষ্ঠ ভাতৃ ছলমান খানক কেক খুৱায় । ভিডিঅ’টোত চোহেইল খান আৰু ইউলিয়াক কথা পাতি থকা দেখা গৈছে । ছলমানৰ পৰিয়ালৰ সৈতে ইউলিয়াৰ ঘনিষ্ঠ সম্পৰ্কই তেওঁলোকৰ সম্পৰ্কৰ বাতৰিত ইন্ধন যোগাইছে ৷

লগতে পঢ়ক :সন্তান লাভৰ গৌৰৱেৰে গৌৰৱান্বিত হ’লে ইয়াতকৈয়ো বেছিকৈ নাচিব ছলমানে ! - Salman Khan Note for Anant Radhika

ABOUT THE AUTHOR

...view details