হায়দৰাবাদ :অস্কাৰ বিজয়ী কণ্ঠশিল্পী এ আৰ ৰহমান আৰু ছাইৰা বানুৰ বিবাহ বিচ্ছেদৰ খবৰে অতিকৈ চৰ্চা লাভ কৰিছে । ২৯ বছৰীয়া বিবাহৰ অন্ত পেলাইছে দম্পতিটোৱে ৷ বিচ্ছেদৰ খবৰে হতবাক কৰি তুলিছে সকলোকে । বিচ্ছেদৰ সময়তে আনকি এ আৰ ৰহমান আৰু মোহিনী দেৰ লিংকআপৰ খবৰেও চৰ্চা লাভ কৰিছে । এই সকলোবোৰৰ মাজতে ছাইৰা বানুৱে ভইচ নোটত নিজৰ স্বাস্থ্য আৰু সম্পৰ্কৰ বিষয়ে শ্বেয়াৰ কৰিছে ৷
বিগত কেইমাহমানৰ পৰা শাৰীৰিকভাৱে অসুস্থ হৈ থকা বুলি উল্লেখ কৰিছে তেওঁ । মুম্বাইত চিকিৎসাৰ বাবে এ আৰ ৰহমানৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰিছে ছাইৰাই । ছাইৰা বানুৰ ভইচ নোট শ্বেয়াৰ কৰিছে তেওঁৰ অধিবক্তা বন্দনা শ্বাহে । ভইচ নোটত ছাইৰাই এ আৰ ৰহমানক প্ৰশংসা কৰি ৰাইজক তেওঁৰ নাম কলুষিত নকৰিবলৈ অনুৰোধ জনায় ।
নোটত এ আৰ ৰহমানৰ পত্নীয়ে ৰাইজক সম্বোধন কৰি কয়, “মই ছাইৰা ৰহমান । বৰ্তমান মই বম্বেত আছো । যোৱা কেইমাহমানৰ পৰা মই শাৰীৰিকভাৱে সুস্থ নহয়, গতিকে এ আৰৰ পৰা পৃথক হ’ব বিচাৰিছিলো ৷ সমগ্ৰ ইউটিউবাৰ, তামিল মিডিয়াক অনুৰোধ কৰিম যে অনুগ্ৰহ কৰি এ আৰ ৰহমানৰ বিষয়ে বেয়াকৈ একো নক’ব । তেওঁ এক ৰত্ন, পৃথিৱীৰ শ্ৰেষ্ঠ ব্যক্তি ।”
চেন্নাই এৰি যোৱাৰ সিদ্ধান্ত সন্দৰ্ভত ছাইৰাই কয়, “স্বাস্থ্যজনিত সমস্যাৰ বাবে মই চেন্নাইৰ পৰা ওলাই আহিলো, মই জানিছিলো যে যদি আপোনালোক সকলোৱে গম পাই যে মই চেন্নাইত নাই, তেন্তে আপোনালোকে ভাবিব যে ছাইৰা ক’ত আছে ? বৰ্তমান মই বম্বেত আছো । মই মোৰ চিকিৎসা কৰিবলৈ ইয়ালৈ আহিছো । মোৰ চিকিৎসা ইয়াত চলি আছে । যিহেতু এ আৰ ইভেণ্টত ব্যস্ত আছিল, সেয়েহে ইয়ালৈ অহাটো সম্ভৱ নাছিল । মই আন কাকো অসুবিধা দিব বিচৰা নাছিলো, ল'ৰা-ছোৱালী, তেওঁকো । সেইবাবেই মই ইয়ালৈ অকলে আহিছিলো ।”
স্বামীক প্ৰশংসা কৰি ছাইৰাই কয়, “তেওঁ পৃথিৱীৰ শ্ৰেষ্ঠ ব্যক্তি । মই মাত্ৰ অনুৰোধ কৰিম যে অনুগ্ৰহ কৰি তেওঁ যেনেদৰে আছে তেনেকৈয়ে এৰি দিয়ক । তেওঁ কাৰো লগত সংযুক্ত নহয়, তেওঁৰ বাবে মই মোৰ প্ৰাণ আহুতি দিওঁ । মই তেওঁক বহুত ভাল পাওঁ, আৰু তেওঁৱো মোক বহুত ভাল পায় । গতিকে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো মিছা অভিযোগ বন্ধ কৰিবলৈ আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছো । সকলোকে অনুৰোধ জনাইছো যে এই সময়ত আমাক অকলে এৰি দিয়ক, আমাকে গোপনে থাকিবলৈ দিয়ক, এতিয়ালৈকে আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা হোৱা নাই ।”
টোকাটোৰ শেষত তেওঁ কয়, “মই অতি সোনকালেই মুম্বাইৰ পৰা চেন্নাইলৈ উভতি আহিম । মই মোৰ চিকিৎসা সম্পূৰ্ণ কৰিব লাগিব। চিকিৎসা সম্পূৰ্ণ হোৱাৰ পিছত, মই পুনৰ ঘূৰি আহিম । হ’ব ? সেয়েহে, মই আপোনালোকক অনুৰোধ জনাইছো যে অনুগ্ৰহ কৰি তেওঁৰ নাম কলুষিত কৰা বন্ধ কৰক, যিটো সম্পূৰ্ণৰূপে অৰ্থহীন । আৰু, মই কোৱাৰ দৰে, তেওঁ এটা ৰত্ন । ধন্যবাদ ।”
উল্লেখ্য যে, ৰহমান আৰু তেওঁৰ বেছিষ্ট মোহিনী দেয়ে একেদিনাই বিচ্ছেদৰ কথা ঘোষণা কৰে ৷ দুয়োৰে পোষ্টৰ পিছত ছ’চিয়েল মিডিয়াত তেওঁলোক দুয়োৰে মাজত লিংকআপ লৈ জল্পনা-কল্পনা আৰম্ভ হয় ৷ মোহিনীয়ে এই উৰাবাতৰিৰ উচিতভাৱে প্ৰত্যুত্তৰ দিয়ে ৷
মোহিনীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখে, “সাক্ষাৎকাৰৰ বাবে বহুত অনুৰোধ আহিছে । তেওঁলোকে মোৰ লগত কি কথা পাতিব বিচাৰে মই ভালদৰে জানো, গতিকে তেওঁলোকৰ সকলো অনুৰোধ মই সন্মানসহকাৰে মানি ল’বলৈ অস্বীকাৰ কৰো । কাৰণ মই আজেবাজে কথাবোৰৰ লগত জড়িত হ’বলৈ আগ্ৰহী নহয় । মোৰ বিশ্বাস যে মোৰ শক্তি উৰাবাতৰিৰ বাবে খৰচ কৰাৰ যোগ্য নহয় । অনুগ্ৰহ কৰি, মোৰ গোপনীয়তাক সন্মান কৰক ।”
লগতে পঢ়ক :এ আৰ ৰহমানৰ বিবাহ বিচ্ছেদৰ সৈতে সম্পৰ্ক অস্বীকাৰ মোহিনীৰ