মুম্বাই : শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে অভিনেতা ছৈফ আলী খানক আক্ৰমণ কৰা অভিযুক্তটোক ৷ সংবাদ সংস্থা ANIৰ বাতৰিত প্ৰকাশিত তথ্য অনুসৰি মুম্বাই আৰক্ষীয়ে জনোৱা মতে, দেওবাৰে থানেৰ পৰা আটক কৰা হৈছে অভিযুক্তটোক ৷
মুম্বাই আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ছৈফ আলী খানক ছুৰীৰে আক্ৰমণ কৰা গোচৰৰ ভিত্তিত এক খবৰৰ আধাৰত মুম্বাই আৰক্ষীয়ে এটা অভিযুক্তৰ ফোন ট্ৰেছ কৰে ৷ তাৰ পাচতে অভিযুক্তটোৰ গতি-বিধি লক্ষ কৰা হয় ৷
আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, হিৰণন্দনী শ্ৰমিক শিবিৰৰ সমীপৰ পৰা আটক কৰা হৈছে অভিযুক্তটোক । ইতিমধ্যে আৰক্ষীয়ে নিশ্চিত কৰিছে যে অভিযুক্তটোৱে কেতিয়াবা বিজয় দাস (Bijoy Das), ভিজয় দাস(Vijay Das) আনকি কোনো সময়ত মহম্মদ ইলিয়াছকে (Mohammed Iliyas) ধৰি একাধিক নামেৰে নিজৰ পৰিচয় দিছিল ৷
শেহতীয়া খবৰ অনুসৰি, ধৃত অভিযুক্তটোক খাৰ থানাত ৰখা হৈছে ।
- প্ৰকৃত ঘটনাটো কি ?