চিটাৰা ডেস্ক, 7 মে’ :বলীউডৰ জনপ্ৰিয় দম্পতী ৰিতেশ দেশমুখ আৰু জেনেলিয়া ডিছুজাই চলিত লোকসভা নিৰ্বাচন ২০২৪ ত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে ৷ দম্পতীটোৱে মহাৰাষ্ট্ৰৰ লাতুৰৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে । দম্পতীটোৰ সৈতে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিলাসৰাও দেশমুখৰ পত্নী তথা ৰিতেশ দেশমুখৰ মাতৃ বৈশালীকো দেখা যায় ৷
ভোটদানৰ পিচত, জেনেলিয়াই ছ'চিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰিছে । আজি জেনেলিয়া দেশমুখে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামৰ ষ্টৰীত এখন ফটো পোষ্ট কৰিছে ৷ য'ত তেওঁক তেওঁৰ স্বামী ৰিতেশ আৰু শাহু বৈশালীৰ সৈতে দেখা গৈছে । তেওঁলোকৰ পিচফালৰ দেৱালত স্বৰ্গীয় নেতা বিলাসৰাও দেশমুখৰ এখন ছবি আছে ৷
পাৰিবাৰিক ফটোখন শ্বেয়াৰ কৰি জেনেলিয়াই শিৰোনামটোত লিখিছিল, "আপোনাৰ ভৱিষ্যতৰ বাবে ভোট দিয়ক, আপোনাৰ দেশৰ বাবে ভোট দিয়ক ।" ভোট দান কৰাৰ পিচত, ৰিতেশ দেশমুখে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰে । তেওঁ কয়, "সকলোৱে ওলাই আহি ভোট দিব লাগে । আজিৰ দিনটো এক গুৰুত্বপূৰ্ণ দিন । সকলোৱে ভোট দিব লাগে ৷"