চিটাৰা ডেস্ক, 2 অক্টোবৰ :ৰেণুকাস্বামী হত্যাকাণ্ডৰ গোচৰত তুমাকুৰু জিলা কাৰাগাৰত থকা তিনি অভিযুক্তক আজি জামিনত মুকলি কৰি দিয়া হয় । 15 নং অভিযুক্ত কাৰ্তিক, 16 নং অভিযুক্ত কেশৱমূৰ্তি আৰু 17 নং অভিযুক্ত নিখিলক মুকলি কৰি দিয়া হৈছে । জামিন মঞ্জুৰ কৰি 10 দিনৰ পিছত মুকলি কৰি দিয়া হয় । জামিন পোৱাৰ পিছতো জেলৰ পৰা ওলাই আহিবলৈ কিছু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় তেওঁলোক ।
জামিনত মুকলি হ’ল তিনি অভিযুক্ত
কাৰাগাৰৰ পৰা মুক্তি পোৱা তিনি অভিযুক্তই কয়, “আমি ইতিমধ্যে আমাৰ বিবৃতি আৰক্ষীক দিছো, আদালতে সকলো তদন্ত কৰিব । আইনে কি কয় আমি শুনিম ।” এই সময়ছোৱাত তেওঁলোকে সংবাদ মাধ্যমৰ যিকোনো প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰে । শেহতীয়াকৈ এই গোচৰত তিনিজন অভিযুক্তক চৰ্তসাপেক্ষ জামিন প্ৰদান কৰা হৈছে । চি চি এইচ আদালতে 15 আৰু 17 নং অভিযুক্ত কাৰ্তিক আৰু নিখিল নাইকক জামিন প্ৰদান কৰাৰ বিপৰীতে উচ্চ ন্যায়ালয়ে গোচৰৰ 16 নং অভিযুক্ত কেশৱ মূৰ্তিক জামিন প্ৰদান কৰে ।