অসম

assam

ETV Bharat / entertainment

জ্যোতি চিত্ৰবনত ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ - SILPI DIWAS EVENTS IN ASSAM

ৰাজ্যজুৰি স্মৰণ সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক । জ্যোতি চিত্ৰবনত সম্বৰ্ধনা তিনিগৰাকী বিশিষ্ট শিল্পীক ৷

remembering Jyoti Prasad Agarwala on his death anniversary Jyoti Chitrabon hosts silpi diwas events
জ্যোতি চিত্ৰবনত শিল্পী দিৱসৰ আয়োজন (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Jan 17, 2025, 5:11 PM IST

গুৱাহাটী : আজি শিল্পী দিৱস । গীতে মাতে জীপাল হৈ পৰিল সমগ্ৰ ৰাজ্য । গুৱাহাটীৰ জ্যোতি চিত্ৰবনত শিল্পী দিৱস উপলক্ষে আজি অনুষ্ঠিত কৰা হয় ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ শীৰ্ষক এক কাৰ্যসূচী ।

জ্যোতি চিত্ৰবনৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত জ্যোতি সংগীত আৰু জ্যোতি সংগীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । দুটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে প্ৰায় ৫০ তকৈয়ো অধিক প্ৰতিযোগীয়ে ।

জ্যোতি চিত্ৰবনত শিল্পী দিৱসৰ আয়োজন (Photo : ETV Bharat Assam)

উক্ত অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয় তিনিগৰাকী বিশিষ্ট শিল্পী ক্ৰমে অভিনেতা প্ৰাঞ্জল শইকীয়া, কলা-নিৰ্দেশক নুৰুদ্দিন আহমেদ আৰু বিশিষ্ট শিল্পী নমিতা ভট্টাচাৰ্যক । ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ শীৰ্ষক কাৰ্যসূচী সন্দৰ্ভত মন্তব্য কৰি জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে কয়, “জ্যোতি চিত্ৰবনৰ এই অনুষ্ঠানটোৱেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামৰ লগত সংপৃক্ত হৈ আছে । আজি শিল্পী দিৱসৰ লগত সংগতি ৰাখি আমি বিভিন্ন অনুষ্ঠান আয়োজন কৰিছো । লগতে অনুষ্ঠানতে জ্যোতি চিত্ৰবনৰ মজিয়াৰ পৰা যিসকল ব্যক্তিয়ে তেওঁলোকৰ সাংস্কৃতিক জীৱনৰ পাতনি মেলিছিল, তেনেকুৱা তিনিগৰাকী শিল্পীক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হৈছে । মহান শিল্পীগৰাকীৰ আদৰ্শসমূহ জীয়াই ৰখাৰ বাবে এয়া আমাৰ এক ক্ষুদ্ৰ প্ৰয়াস ।”

উল্লেখ্য যে ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ মদাৰখাত মৌজাৰ তামোলবাৰী চাহ-বাগিচাত জন্মগ্ৰহণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই । তেওঁ আছিল একেধাৰে গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা । ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল প্ৰথম অসমীয়া ছবি ‘জয়মতী’ ৷ তেওঁ নিৰ্মাণ কৰা দ্বিতীয়খন ছবি আছিল ‘ইন্দ্ৰমালতী’।

প্ৰায় ৩০০ মান গীত তেওঁ ৰচনা কৰি নিজে সুৰ দিছিল । তেওঁ ৰচনা কৰা উল্লেখনীয় নাটকৰ ভিতৰত হৈছে শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা, ৰূপালীম, নিমাতী কইনা, খনিকৰ আদি । অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক ‘ৰূপকোঁৱৰ’ উপাধিৰে বিভূষিত কৰা হৈছিল । ‘ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে’ এয়া আছিল মহান শিল্পীগৰাকীৰ গায়ত্ৰী মন্ত্ৰ ।

১৯৫১ চনৰ ১৭ জানুৱাৰীৰ দিনটোতে মৃত্যু হৈছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ । সেয়ে প্ৰতি বছৰে ১৭ জানুৱাৰীৰ দিনটোত শিল্পীগৰাকীক সুঁৱৰি উদযাপন কৰা হয় ‘শিল্পী দিৱস’। ১৯৫৩ চনৰ ১৭ জানুৱাৰীত প্ৰথমবাৰৰ বাবে গুৱাহাটী আৰু বৰপেটাত শিল্পীজনাক সুঁৱৰি এই দিৱস উদযাপন কৰা হৈছিল । প্ৰথম অৱস্থাত এই দিনটো ‘জ্যোতি দিৱস’ হিচাপে পালন কৰা হৈছিল, কিন্তু তাৰ পৰৱৰ্তী সময়ত জ্যোতি দিৱসক ‘শিল্পী দিৱস’ হিচাপে নামকৰণ কৰা হয় ।

লগতে পঢ়ক :কেৱল শ্বাহৰুখ-ছলমানৰ চিনেমাই চিনেমা নহয়... এছিয়ান চলচ্চিত্র মহোৎসৱৰ লক্ষ্য কি ?

ABOUT THE AUTHOR

...view details