অসম

assam

আম্বানীৰ পুত্ৰৰ প্ৰি-ৱেডিং অনুষ্ঠানত নৃত্য কৰিব নেকি ৰণবীৰ-আলিয়াই ?

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 11:07 AM IST

Ranbir Kapoor and Alia Bhatt Video: শনিবাৰে সন্ধিয়া মুম্বাইৰ ব্যক্তিগত বিমানবন্দৰত কন্যাৰ সৈতে দেখা গৈছিল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক । এতিয়া গুজৰাটৰ পৰা এই দম্পতীৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টো ভাইৰেল হোৱাৰ পাচতে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানত ৰণবীৰ-আলিয়াই নৃত্য পৰিৱেশন কৰিব বুলি জল্পনা-কল্পনা কৰা হৈছে ।

Ranbir Kapoor-Alia Bhatt To Perform During Anant Ambani-Radhika Merchant's Pre-Wedding Ceremony ?
আম্বানীৰ পুত্ৰৰ প্ৰি-ৱেডিং ফাংশ্যনত নৃত্য কৰিব ৰণবীৰ-আলিয়াই

চিটাৰা ডেস্ক, ৫ ফেব্ৰুৱাৰী: ব্যৱসায়ী টাইকুন মুকেশ আম্বানী আৰু নীতা আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে অতি সোনকালে ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব । কেইসপ্তাহমান পূৰ্বে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং ফাংশ্যনৰ নিমন্ত্ৰণ পত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । যাৰ মতে অনন্ত-ৰাধিকাৰ বিবাহৰ অনুষ্ঠান ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ গুজৰাটৰ জামনগৰত অনুষ্ঠিত হ’ব ।

এই সকলোবোৰৰ মাজতে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, ইয়াৰ পিচতে সকলোৱে জল্পনা-কল্পনা কৰিবলৈ আৰম্ভ কৰিছে যে বি-টাউনৰ এই দম্পতীয়ে অনন্ত আৰু ৰাধিকাৰ বিয়াৰ অনুষ্ঠানত নৃত্য পৰিৱেশন কৰিব ।

অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিঙত নৃত্য কৰিব ৰণবীৰ-আলিয়াই !

শনিবাৰে সন্ধিয়া মুম্বাই বিমানবন্দৰত দেখা গৈছিল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক । যাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছিল ৷ এতিয়া এই দম্পতীৰ আন এটা নতুন ভিডিঅ’ প্ৰকাশ পাইছে, য’ত গুজৰাটৰ জামনগৰৰ আম্বানী হাউচত আকাশ আম্বানীৰ সৈতে দেখা গৈছে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক । এই ভিডিঅ’টো ইনষ্টাগ্ৰামত ৰণবীৰ কাপুৰৰ ফেন পেজে শ্বেয়াৰ কৰিছে ।

ভাইৰেল ভিডিঅ’টো প্ৰকাশ পোৱাৰ পিচতে আলিয়া-ৰণবীৰে, অনন্ত আম্বানী আৰু ৰাধিকাৰ প্ৰি-ৱেডিং অনুষ্ঠানত নৃত্য কৰিব বুলি জল্পনা-কল্পনাৰ কৰা হৈছে ৷ আনকি এতিয়া বি-টাউনৰ এই দম্পতীয়ে বিবাহৰ অনুষ্ঠানৰ বাবে নৃত্যৰ আখৰাও আৰম্ভ কৰিছে বুলিও জানিব পৰা গৈছে ।

ৰণবীৰ কাপুৰ-আলিয়া ভাট ৱৰ্কফ্ৰন্ট

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ কথা ক’বলৈ শেহতীয়াকৈ সন্দীপ ৰেড্ডী ভাংগাৰ একশ্যন ড্ৰামা ছবি ‘এনিমেল’ত দেখা গৈছিল অভিনেতাগৰাকীক । এনিমেলৰ পিচত ৰণবীৰ কাপুৰৰ আগন্তুক তালিকাত আছে নিতেশ তিৱাৰীৰ ‘ৰামায়ণ’ আৰু সঞ্জয় লীলা ভাঞ্চালীৰ ‘লাভ এণ্ড ৱাৰ’। ইফালে ‘ৰকি ঔৰ ৰাণী কী প্ৰেম কাহিনী’ৰ পিচত আলিয়া ভাটক জিগ্ৰা আৰু ভাঞ্চালীৰ লাভ এণ্ড ৱাৰত দেখা পোৱা যাব ।

লগতে পঢ়ক:দ্বিতীয়বাৰৰ বাবে পিতৃ-মাতৃ হ’ব বিৰাট-অনুষ্কা, প্ৰকাশ কৰিলে এই তাৰকাই

ABOUT THE AUTHOR

...view details