হায়দৰাবাদ :ৰণবীৰ কাপুৰ আৰু সাই পল্লৱী অভিনীত বহু চৰ্চিত ছবি ‘ৰামায়ণ’ ঘোষণাৰ অপেক্ষাৰ অন্ত পৰিল । আজি 6 নৱেম্বৰত ছবিখনৰ ঘোষণা কৰে ৰামায়ণ ছবিৰ নিৰ্মাতাসকলে । ভাল খবৰটো হ’ল যে কেৱল ৰামায়ণ পাৰ্ট 1 নহয়, ৰামায়ণ পাৰ্ট 2 ও ঘোষণা কৰা হৈছে । তাতোকৈ ডাঙৰ কথাটো হ’ল যে সমান্তৰালকৈ ৰামায়ণৰ পাৰ্ট 1 আৰু পাৰ্ট 2 ৰ মুক্তিৰ তাৰিখো ঘোষণা কৰা হয় । ৰামায়ণ ছবিখনৰ ঘোষণা ভাৰতীয় চলচ্চিত্ৰ জগতৰ আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ ।
ৰামায়ণ ছবিখনৰ ঘোষণাৰ পিছতে ৰণবীৰ কাপুৰ আৰু দক্ষিণৰ অভিনেত্ৰী সাই পল্লৱীৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰিছে ৷ ছ’চিয়েল মিডিয়াতো নেটিজেনৰ মাজত উন্মাদনা দেখিবলৈ পোৱা গৈছে । ৰামায়ণ ছবিখনৰ ঘোষণাৰ ভাল খবৰটো ছবিখনৰ প্ৰযোজক নমিত মালহোত্ৰাই নিজেই দিছে ।
নমিত মালহোত্ৰাই তেওঁৰ সামাজিক মাধ্যমৰ হেণ্ডেলত পাৰ্ট 1 আৰু পাৰ্ট 2 ঘোষণা কৰি ৰামায়ণ চলচ্চিত্ৰখনৰ মুক্তিৰ তাৰিখো উন্মোচন কৰিছে । নমিত মালহোত্ৰাই তেওঁৰ পোষ্টত লিখিছে, “দহ বছৰৰো অধিক সময় ধৰি, মই এই কাহিনীটো পৰ্দাত অনাৰ প্ৰস্তুতি চলাই আছো, যিটো 5000 বছৰ ধৰি লাখ লাখ লোকৰ হৃদয়ত থিতাপি আছে, আজি মই এই ঘোষণা কৰি অত্যন্ত সুখী, আমাৰ দলটোৱে ইয়াৰ ওপৰত অক্লান্ত আৰু অবিৰামভাৱে কাম কৰি আছে, এই চলচ্চিত্ৰখনে আপোনাক নতুন চিনেমা, ইতিহাস, আমাৰ সত্য, আমাৰ সংস্কৃতি, সমগ্ৰ বিশ্বতে আমাৰ ৰামায়ণলৈ লৈ যাবলৈ সাজু, গতিকে আমাৰ যাত্ৰাত যোগদান কৰক আৰু এই সপোনটো বাস্তৱায়িত কৰিবলৈ আৰু গৌৰৱেৰে এই বহৎ ছবিখনৰ বাবে অপেক্ষা কৰি থাকিব, পাৰ্ট 1 2026 চনত আৰু পাৰ্ট 2 2027 চনত মুক্তি পাব । আমাৰ সমগ্ৰ ৰামায়ণ পৰিয়ালৰ পৰা আপোনালোক সকলোকে দেৱালীৰ শুভেচ্ছা ।”