চিটাৰা ডেস্ক, ১৭ জুন : আল্লু অৰ্জুন আৰু ৰশ্মিকা মন্দন্না অভিনীত পুষ্পা ২: দ্য ৰুলৰ ১৫ আগষ্টৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে বুলি দলৰ এজন সদস্যই নিশ্চিত কৰিছে । এতিয়া অনুৰাগীসকলে নতুন মুক্তিৰ তাৰিখ সন্দৰ্ভত নিৰ্মাতাসকলৰ পৰা আপডেটৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।
আল্লু অৰ্জুন অভিনীত পুষ্পা ২ :দ্য ৰুল প্ৰথম পৰিকল্পনা অনুসৰি ২০২৪ চনৰ ১৫ আগষ্টত পৰ্দাত মুক্তি নাপায় বুলি আল্লু অৰ্জুনৰ দলৰ এজন সদস্যই প্ৰকাশ কৰিছে । যোৱা কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত ছবিখনৰ মুক্তি অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ উৰা-বাতৰিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল । এতিয়ালৈকে দলটোৰ পৰা কোনো আনুষ্ঠানিকভাৱে খবৰ অহা নাছিল যদিও আজি চিনেমাখনৰ মুক্তিৰ সন্দৰ্ভত খবৰ আহি ।
প্ৰায় নিশ্চিত হৈছে যে পুষ্পা ২ ৰ মুক্তিত পলম হ’ব ৷ কাৰণ দলটোৰ হাতত এতিয়াও বহুত কিবাকিবি কাম আছে ৷ এইবোৰ কাম প্ৰথমে নিৰ্ধাৰিত মুক্তিৰ তাৰিখৰ আগতেই শেষ কৰাটো অসম্ভৱ বুলি বিবেচনা কৰে দলটোৱে । আল্লু অৰ্জুনৰ ঘনিষ্ঠ সহযোগী সাৰথ চন্দ্ৰ নাইডুৱে প্ৰকাশ কৰে যে ছবিখন আশা কৰা ধৰণে ছবিগৃহত মুক্তি নাপাব । অনুৰাগীসকলে অৱশ্যে নতুন মুক্তিৰ তাৰিখৰ আনুষ্ঠানিক ঘোষণাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।