চিটাৰা ডেস্ক, ২ ফেব্ৰুৱাৰী :গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাই স্বামী নিক জ’নাছৰ সৈতে আমেৰিকাৰ লছ এঞ্জেলছত বাস কৰে । কিন্তু এতিয়া প্ৰিয়ংকাৰ সপোনৰ ঘৰখনক লৈ এটা ডাঙৰ খবৰ আহিছে । জানিব পৰা মতে, অসুবিধাৰ সন্মুখীন হৈ এই দম্পতীয়ে লছ এঞ্জেলছ স্থিত ঘৰখন খালী কৰিছে । কেৱল এয়াই নহয়, তেওঁলোকক এই ঘৰটো বিক্ৰী কৰা ব্যক্তিজনৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰিছে ।
খবৰ অনুসৰি প্ৰিয়ংকা চোপ্ৰা আৰু নিক জ’নাছে ২০১৯ চনত এই ঘৰটো ২০ মিলিয়ন ডলাৰত অৰ্থাৎ প্ৰায় ১৬৬ কোটি টকাত ক্ৰয় কৰিছিল । কিন্তু এই ঘৰটোত পানী নিসৰণৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ বাবে এই দম্পতী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল । ঘৰৰ বিভিন্ন ঠাইৰ পৰা পানী নিগৰিছিল, যাৰ বাবে সমস্যাৰ সৃষ্টি হৈছিল ৷ এই দম্পতীয়ে আৰক্ষী থানাত দাখিল কৰা নিজৰ গোচৰত কয় যে ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে ।
উল্লেখ্য যে, এই বিলাসী ঘৰটোত সাতটা বেডৰুম, নটা বাথৰুম, উষ্ণতা নিয়ন্ত্ৰিত ৱাইন চেলাৰ, পাকঘৰ, হোম থিয়েটাৰ, বলিং এলি, স্পা আৰু ষ্টীম শ্বাৱাৰ, জিম আৰু বিলিয়াৰ্ড ৰুম আছে । ২০২৩ চনৰ মে’ মাহত ঘৰটো বিক্ৰী কৰা বিক্ৰেতাজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে প্ৰিয়ংকা-নিকে ।
এই অনুসৰি, সম্পত্তিটো ক্ৰয় কৰাৰ পিচৰে পৰা ইয়াৰ চুইমিং পুল আৰু স্পাৰ সমস্যা হ’বলৈ ধৰে । ৱাটাৰপ্ৰুফিঙৰ অসুবিধাৰ বাবে ঘৰৰ কিছু অংশত শৈবাল আৰু অন্যান্য সমস্যাৰ সৃষ্টি হৈছিল ।