অসম

assam

ETV Bharat / entertainment

‘দ্য ক্লিনিক’: ঔষধ বা থেৰাপীয়ে দূৰ কৰিব পাৰে জানো মানসিক সমস্যা ? - NEW ASSAMESE WEB SERIES THE CLINIC

যুৱ পৰিচালক প্ৰণৱ ভৰালীৰ পৰিচালনাৰে এইবাৰ আহি আছে নতুন ৱেব ছিৰিজ ‘দ্য ক্লিনিক’। ১৫ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব নতুন ৱেব ছিৰিজখনে ।

Pranab Bharali directorial New web series The Clinic to be released on 15th of february
নতুন ৱেব ছিৰিজ (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Feb 6, 2025, 1:17 PM IST

গুৱাহাটী :‘কৃষ্ণচূড়া ডট কম’, ‘চুপা চুপি’ ৰ দৰে দুখনকৈ জনপ্ৰিয় ৱেব ছিৰিজ দৰ্শকক উপহাৰ দিয়া পৰিচালক প্ৰণৱ ভৰালীৰ পৰিচালনাৰে শীঘ্ৰেই আহি আছে আন এখন ৱেব ছিৰিজ । ৫ টা খণ্ডযুক্তৰ এই ৱেব ছিৰিজখনৰ নাম ‘দ্য ক্লিনিক’ । আগন্তুক ১৫ ফেব্ৰুৱাৰীত ৰীলড্ৰামাত মুক্তি লাভ কৰিব এই নতুন ৱেব ছিৰিজখনে । শেহতীয়াকৈ অ' টি টি প্লেটফৰ্ম ৰীলড্ৰামাৰ সামাজিক মাধ্যমত এখন পোষ্টাৰযোগে এই ৱেব ছিৰিজখনৰ কথা ঘোষণা কৰিছে নিৰ্মাতাই । ৱেব ছিৰিজখনৰ সন্দৰ্ভত ই টিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপাত পৰিচালক প্ৰণৱ ভৰালীয়ে জনালে কিছু কথা ।

ৱেব ছিৰিজখনৰ সন্দৰ্ভত পৰিচালকৰ মন্তব্য

"সাধাৰণতে ৱেব ছিৰিজত যি থ্ৰীলাৰ ভিত্তিক বিষয়বস্তু থাকে, এইখন ৱেব ছিৰিজ তেনেকুৱা নহয় । এই ৱেব ছিৰিজখনৰ কাহিনীভাগে এগৰাকী ব্যক্তিৰ মনঃস্তাত্বিক দিশটোক প্ৰতিফলন কৰিব । মই ভাবো এই ৱেব ছিৰিজখন অভিভাৱকৰ পৰা আৰম্ভ কৰি মানসিক দুঃচিন্তাত ভোগা সকলো ছাত্ৰ-ছাত্ৰীয়ে চাব লাগে । বৰ্তমান সময়ত ছাত্র-ছাত্রীকে আৰম্ভ কৰি বিভিন্ন লোকে কৰ্মৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক হতাশা, মানসিক উদ্বেগ, দুঃচিন্তাত আদিত ভোগা দেখা যায় । এই ৱেব ছিৰিজখনৰ শ্বুটিং ৪ বছৰ আগতে হৈছিল । কিন্তু কিছু কামৰ বাবে মুক্তি দিয়াত পলম হ'ল‌ ।"

ৱেব ছিৰিজখনৰ কাহিনীৰ আধাৰটো কি ?

"অসমীয়া ল’ৰা তিনিজন, যি বেলেগ বেলেগ ফিল্ডৰ লগত জড়িত । তিনিওজনৰে মানসিক হতাশাৰ কাৰণ বেলেগ বেলগ ৷ কাৰোবাৰ যদি হতাশাৰ কাৰণ পৰিবাৰিক সমস্যা, কৰোবাৰ আকৌ কেৰিয়াৰ আৰু কাৰোবাৰ আকৌ প্রেমৰ বাবে হতাশা আহে জীৱনলৈ । তিনিওজনে এগৰাকী মানসিক চিকিৎসকৰ ওচৰলৈ যায় আৰু চিকিৎসকে তাৰ পৰা পৰিত্ৰাণ পোৱাৰ কিছুমান উপায় দিয়ে । ঔষধ বা থেৰাপীয়ে আচলতে মানুহৰ মানসিক স্বাস্থ্য ঠিক কৰিব নোৱাৰে । ইয়াৰে এটা মূল উপায় হৈছে আমি প্ৰকৃতিৰ সংস্পৰ্শত থাকিব লাগে । এনে এক কাহিনীৰ আধাৰতে ৱেব ছিৰিজখন নিৰ্মাণ কৰা হৈছে ।"

ৱেব ছিৰিজখনত অভিনয় কৰিছে ক্ৰমে অৰ্ঘদীপ বৰুৱা, হিতাৰ্থ বৰা, বেদান্ত প্ৰকাশ বৰা, বেদব্ৰত বৰা, প্ৰসেনজিৎ বৰা, উদয়ন দুৱৰা, কৌশিক ভৰদ্বাজ, ৰাজু ৰয়, অপৰ্ণা দত্ত চৌধুৰী, ত্ৰিবেণী গগৈ আৰু দিগাংগনা বৰাই । কুহেলি দাসগুপ্তা আৰু সুমিত দাসগুপ্তাৰ যুটীয়া প্ৰযোজনাৰে নিৰ্মিত ৱেব ছিৰিজখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ হিতাৰ্থ বৰাৰ । দৃশ্যগ্ৰহণ কৰিছে জ্ঞান গৌতমে । বেকগ্ৰাউণ্ড স্ক’ৰ কৰিছে পল্লৱ তালুকদাৰে আৰু সম্পাদনা প্ৰতীম খাউণ্ডৰ । উল্লেখ্য যে পৰিচালক হিচাবে নিজৰ দক্ষতা প্ৰকাশ কৰা প্ৰণৱ ভৰালীৰ এই নতুন ৱেব ছিৰিজখন উপভোগ কৰিবলৈ অপেক্ষাৰত দৰ্শকসকল ।

লগতে পঢ়ক :মঞ্চত মাইক এৰি খেলপথাৰত বেট-বল হাতত তুলি ল’লে শিল্পীয়ে

ABOUT THE AUTHOR

...view details