গুৱাহাটী, 7 জুন :বহুদিনৰ অন্তত এখন শিশু ভিত্তিক ছবি মুক্তি পোৱাৰ দিশে ৷ ছবিখনৰ নাম “ইউ আৰ মাইন” ৷ বাণিজ্যিক আৰু সমসাময়িক ছবিৰ ধামখুমীয়াত বহুদিন ধৰি নিৰ্মাণ হোৱা নাছিল শিশু ভিত্তিক চিনেমা ৷ এতিয়া এক দীৰ্ঘদিনীয়া বিৰতিৰ মূৰত এই নতুন প্ৰজেক্টটো লৈ আশাবাদী প্ৰজেক্টটোৰ সৈতে জড়িত প্ৰতিজন কলা-কুশলী ৷
বৃহস্পতিবাৰে গুৱাহাটীৰ হোটেল ন’ভটেলত অনুষ্ঠিত হয় ছবিখনৰ পোষ্টাৰ মুকলি অনুষ্ঠান । উক্ত অনুষ্ঠানত উপস্থিত থাকে অভিনেতা সিদ্ধাৰ্থ মুখাৰ্জী, সুস্মিতা মুখাৰ্জী, অথৰ্ব বিশ্ব শৰ্মা, সংকলিতা ৰয়কে ধৰি ছবিখনৰ লগত জড়িত অন্যান্য কলা-কুশলীসকল । শীঘ্ৰেই ছবিগৃহলৈ আহিব অসমৰ পটভূমিত এদল অসমীয়া শিল্পীৰে অভিনীত এই ছবিখন ৷ মন কৰিবলগীয়া যে “ইউ আৰ মাইন” শীৰ্ষক ছবিখন এখন হিন্দী শিশু ছবি ।
ৰেট ৰেচ ফ্ৰেমছৰ সহযোগত সুবীৰ ৰাজীৱ প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ প্ৰযোজনা সুবীৰ দত্তৰ । এক হৃদয়স্পৰ্শী কাহিনীৰে নিৰ্মাণ কৰা এই ছবিখন পৰিচালনা কৰিছে সুমন অধিকাৰীয়ে । মূলতঃ মাজুলীৰ পটভূমিত নিৰ্মাণ কৰা এই ছবিখনত গাঁৱৰ এগৰাকী ১২ বছৰীয়া ছোৱালীৰ কাহিনী দেখুওৱা হৈছে ৷ এই ছবিখনৰ মূল চৰিত্ৰ "মিছমি" ৰ চৰিত্ৰত অভিনয় কৰিছে প্ৰতিভাশালী শিশু নৃত্যশিল্পী ফ্ল’ৰিনা গগৈয়ে । মাজুলীৰ লগতে গুৱাহাটীতো কৰা হৈছে ছবিখনৰ দৃশগ্ৰহণ ।