চিটাৰা ডেস্ক, 31 জুলাই :পেৰিছ অলিম্পিক 2024 ত, ভাৰতীয় শ্বুটাৰ মনু ভাকৰ আৰু সৰবজোৎ সিঙে তেওঁলোকৰ দৰ্শনীয় প্ৰদৰ্শনেৰে দেশৰ হৈ দ্বিতীয়টো পদক জিকিছে । চলচ্চিত্ৰ উদ্যোগৰ তাৰকাসকলে তেওঁলোক দুয়োকে এই বিজয়ৰ বাবে অভিনন্দন জনাইছে ।
মঙলবাৰৰ দিনটো দেশৰ বাবে আছিল এটা গৌৰৱৰ দিন । 2024 চনৰ পেৰিছ অলিম্পিকত ভাৰতীয় শ্বুটাৰ মনু ভাকৰ আৰু সৰবজোৎ সিঙে ব্ৰঞ্জৰ পদক লাভ কৰে । দুয়োজনে 10 মিটাৰ এয়াৰ পিষ্টল (মিক্সড টীম) প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । দুয়োজনেই উৎকৃষ্ট শ্বুটিঙেৰে পদক লাভ কৰাত সফল হয় । এই দৰ্শনীয় বিজয়ৰ পিচতে দেশত বিৰাজ কৰিছে এক সুখৰ পৰিবেশে । তেওঁলোকৰ বিজয়ৰ বাবে সমগ্ৰ দেশে অভিনন্দন জ্ঞাপন কৰিছে । সমান্তৰালকৈ চলচ্চিত্ৰ জগতৰ তাৰকাসকলেও দুয়োগৰাকী খেলুৱৈৰ প্ৰদৰ্শনক প্ৰশংসা কৰাৰ লগতে জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে ।
বলীউডৰ পাৱাৰ কাপল দীপিকা পাডুকন-ৰণবীৰ সিঙে মনু ভাকৰ আৰু সৰবজোৎ সিঙক ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জনায় । দুই তাৰকাই নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত মনু আৰু সৰবজোতৰ ফটো পোষ্ট কৰি জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে ।