হৰৰ কমেডী ছবিবোৰ এটা সম্পূৰ্ণ মনোৰঞ্জনৰ পেকেজ, ইয়াৰ উদাহৰণ সহজেই শেহতীয়াকৈ মুক্তি লাভ কৰা ছবি মুঞ্জ্যাৰ পৰাই জানিব পৰা গৈছে ৷ বক্স অফিচত মুঞ্জ্যাই যি সফলতা লাভ কৰিছে, সেই সফলতাক লৈ সকলোতে এক কৌতুহল সৃষ্টি হৈছে যে কম বাজেটত নিৰ্মিত আৰু জনপ্ৰিয় তাৰকা অবিহনে কেনেকৈ ছবিখনে ইমান ভাল সংগ্ৰহ কৰিব পাৰিছে ৷
উল্লেখ্য যে, কেৱল মুঞ্জ্যাই নহয় ইয়াৰ পূৰ্বে এই কেইখন হৰৰ কমেডী ছবিয়েও দৰ্শকৰ পৰা অপৰিসীম মৰম বুটলিবলৈ সক্ষম হৈছে ৷ ইয়াৰ আগতে এনে বহু ছবি আছিল যিয়ে হৰৰ কমেডী ধাৰাক জীয়াই ৰাখিছে ৷ বলীউডৰ এনে কেইখনমান শীৰ্ষ হৰৰ কমেডী ছবিবোৰৰ ওপৰত এবাৰ চকু ফুৰাও আহক-
ভুল ভুলেইয়া
পৰিচালক প্ৰিয়াদৰ্শনৰ পৰিচালনাত নিৰ্মিত ছবি ভুল ভুলেইয়া ছবিখন ২০০৭ চনত ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিছিল ৷ এই ছবিখনত অক্ষয় কুমাৰ, বিদ্যা বালন, অমীষা পেটেল, শ্বাইনী আহুজা আদি অভিনেতাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৷
এই চিনেমাখনে হিন্দী চিনেমা জগতত হৰৰ কমেডী ছবিৰ ধাৰাটোৰ প্ৰচাৰ আৰম্ভ কৰিছিল বুলি ক’লেও ভুল নহ’ব ৷ ভুল ভুলেইয়া বক্স অফিচত ছুপাৰহিট বুলি প্ৰমাণিত হয় আৰু ছবিখনে বক্স অফিচত প্ৰায় ৫০ কোটি টকা উপাৰ্জন কৰে ৷
গোলমাল ৰিটাৰ্ণচ
২০১৭ চনত একচন চিনেমাৰ বাবে বিখ্যাত পৰিচালক ৰোহিত শ্বেট্টীয়েও হৰৰ কমেডীত গোলমাল ফ্ৰেঞ্চাইজিৰ চতুৰ্থ পাৰ্টে বক্স অফিচত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল ৷ অজয় দেৱগন, কুনাল খেমু, আৰ্শ্বদ ৱাৰ্ছি, তুষাৰ কাপুৰ, পৰিনীতি চোপ্ৰা আৰু শ্ৰেয়াছ তালপাড়েৰ দ্বাৰা অভিনীত এই ছবিখনে বক্স অফিচত হিট হৈ ২০৫.৬৯ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷
ষ্ট্ৰী