অসম

assam

ETV Bharat / entertainment

নিকিতা পৰৱালৰ শিৰত ফেমিনা মিছ ইণ্ডিয়া 2024 ৰ মুকুট

নিকিতা পৰৱালক ফেমিনা মিছ ইণ্ডিয়া 2024 বিজয়ী হিচাপে ঘোষণা কৰা হয় । জানো আহক ফেমিনা মিছ ইণ্ডিয়া 2024 বিজয়ী নিকিতা পৰৱালৰ বিষয়ে…

By ETV Bharat Entertainment Team

Published : 4 hours ago

Who is Nikita Porwal, winner of Femina Miss India 2024
ফেমিনা মিছ ইণ্ডিয়া 2024 ঘোষণা (Photo: ANI)

চিটাৰা ডেস্ক, 17 অক্টোবৰ : ফেমিনা মিছ ইণ্ডিয়া 2024 ৰ বিজয়ী ঘোষণা কৰা হৈছে । নিকিতা পৰৱালে এই বছৰৰ ফেমিনা মিছ ইণ্ডিয়া 2024 ৰ বিজয়ী হিচাপে নিজৰ নাম চিহ্নিত কৰিছে । বুধবাৰে নিশা মুম্বাইত নিকিতাৰ শিৰত ফেমিনা মিছ ইণ্ডিয়া 2024 ৰ মুকুট সজোৱা হয় । যোৱা বছৰৰ বিজয়ী নন্দিনী গুপ্তাই তেওঁক মুকুট পিন্ধাই, আনহাতে নেহা ধুপিয়াই তেওঁক মিছ ইণ্ডিয়া চেছ পিন্ধায় । কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰা ৰেখা পাণ্ডেই লাভ কৰে প্ৰথম ৰানাৰ-আপৰ খিতাপ । আনহাতে ফেমিনা মিছ ইণ্ডিয়া 2024 ৰ দ্বিতীয় ৰানাৰ্ছ আপ হিচাপে গুজৰাটৰ আয়ুষী ধোলাকিয়াৰ নাম ঘোষণা কৰা হয় ।

বুধবাৰে নিশা মুম্বাইত অনুষ্ঠিত হয় ফেমিনা মিছ ইণ্ডিয়াৰ গ্ৰেণ্ড ফিনালে । প্ৰাক্তন মিছ ইণ্ডিয়া সংগীতা বিজলানীয়ে গ্লেমাৰাছ অৱতাৰেৰে উজ্জ্বল প্ৰদৰ্শন কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হয় । এই উপলক্ষে বলীউডৰ অভিনেত্ৰী নেহা ধুপিয়া, নৃত্যশিল্পী ৰাঘৱ জুয়েলকে ধৰি বহু চেলেব্ৰিটী উপস্থিত থাকে । অনুষা দাণ্ডেকাৰে প্ৰতিযোগিতাখনত জুৰী পেনেলত সেৱা আগবঢ়ায় ।

ফেমিনা মিছ ইণ্ডিয়া 2024 ৰ আঞ্চলিক বিজয়ীৰ নাম

  • ফেমিনা মিছ ইণ্ডিয়া নৰ্থ ইষ্ট 2024 – এঞ্জেলিয়া এন মাৰ্ভেন
  • ফেমিনা মিছ ইণ্ডিয়া ইষ্ট 2024 - ৰিয়া নন্দিনী
  • ফেমিনা মিছ ইণ্ডিয়া চাউথ 2024 - মালিনা
  • ফেমিনা মিছ ইণ্ডিয়া ৱেষ্ট 2024 - আৰ্ছিয়া ৰছিদ
  • ফেমিনা মিছ ইণ্ডিয়া নৰ্থ 2024 - ছিফতি সিং সাৰং

নিকিতা পৰৱাল কোন ?

মধ্য প্ৰদেশৰ নিকিতা পৰৱালক বুধবাৰে নিশা মুম্বাইত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড 2024 ৰ মুকুট পিন্ধোৱা হয় । নিকিতা মধ্য প্ৰদেশৰ উজ্জয়িনী চহৰৰ বাসিন্দা । তেওঁ কাহিনী কৈ ভাল পায় । তেওঁ 60 খনতকৈয়ো অধিক নাটকত অভিনয় কৰিছে । তেওঁ আনকি কৃষ্ণ লীলা নামৰ 250 পৃষ্ঠাৰ এখন নাটকো লিখিছিল । নিকিতা আন্তৰ্জাতিক উৎসৱত প্ৰদৰ্শিত হোৱা এখন ফিছাৰ ফিল্মৰ এটা অংশ । সোনকালেই ছবিখন ভাৰতত মুক্তি দিয়া হ’ব ।

মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ বিজয়ী মহিলা

মিছ ইণ্ডিয়া প্ৰতিযোগিতা আটাইতকৈ জনপ্ৰিয় প্ৰতিযোগিতাসমূহৰ ভিতৰত এটা । ইয়াত, দেশৰ পাঁচগৰাকী সুন্দৰীৰ নাম লিপিবদ্ধ হৈছে । ঐশ্বৰ্য ৰায় (1994), ডায়েনা হেডেন (1997), যুক্তা মুখী (1999), প্ৰিয়ংকা চোপ্ৰা (2000) আৰু মানুষী ছিল্লাৰ (2017)।

লগতে পঢ়ক :আলিয়াৰ মূৰত আছে কৰণ জোহৰৰ হাত: ঐশ্বৰ্য ৰায় - Aishwarya on Alia getting offers

ABOUT THE AUTHOR

...view details