অসম

assam

বিবাহৰ পিচত একেলগে দেখা গ’ল সোণাক্ষী-জাহীৰক : ভিডিঅ’ ভাইৰেল - Newlyweds Sonakshi Zaheer

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 4:30 PM IST

Sonakshi Zaheer First Public Appearance: সোণাক্ষী সিনহা আৰু জাহীৰ ইকবালক বিয়াৰ পিচত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত দেখা গ’ল । অনুৰাগীয়ে সুন্দৰ মন্তব্য আগবঢ়োৱাৰ লগতে জনালে দম্পতীক অভিনন্দন ।

Newlyweds Sonakshi Zaheer hold hands in first public appearance after wedding users comment WATCH
বিবাহৰ পিচত একেলগে দেখা গ’ল সোণাক্ষী-জাহীৰক; ভিডিঅ’ ভাইৰেল (INSTAGRAM)

বিগত ২৩ জুনত প্ৰেমিক জাহীৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হয় অভিনেত্ৰী সোণাক্ষী সিনহা । বিয়াৰ পিচত প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা ওলাই আহিল সোণাক্ষী সিনহা আৰু জাহীৰ ইকবালে ।

ইফালে, বিয়াৰ পিচত একেলগে দেখা গ’ল সোণাক্ষী আৰু জাহীৰক ৷ মুম্বাইত ৰাতিৰ আহাৰ গ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত দুয়োজনকে একেলগে দেখা যায় । সোণাক্ষী আৰু জাহীৰৰ বিবাহৰ পিচত প্ৰথমবাৰৰ বাবে ৰাজহুৱা স্থানত একেলগে দেখিবলৈ পোৱা এই ভিডিঅ’সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

পৰিয়ালৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত সোণাক্ষী আৰু জাহীৰক ইজনে আনজনৰ হাতত ধৰি ৰেষ্টুৰেণ্টৰ ভিতৰলৈ যোৱা দেখা গৈছে । উল্লেখ্য যে, ২৩ জুনত বিবাহপাশত আবদ্ধ হোৱাৰ পিচত ২৬ জুনৰ নিশা মুম্বাইৰ এখন ৰেষ্টুৰেণ্টত সোণাক্ষী আৰু জাহীৰক একেলগে দেখা যায় । সোণাক্ষী আৰু জাহীৰে নিজৰ পৰিয়ালৰ সৈতে একেলগে সময় কটায় । ডিনাৰত সোণাক্ষী সিনহাক ৰঙা ৰঙৰ পোছাক পৰিধান কৰাৰ বিপৰীতে জাহীৰে ক’লা পেণ্টৰ ওপৰত বগা চাৰ্ট পৰিধান কৰা দেখা গৈছিল ।

অনুৰাগীয়ে অভিনন্দন জনাইছে

এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত নৱবিবাহিত দম্পতী সোণাক্ষী আৰু জাহীৰক একেলগে থকাৰ অৱস্থাত মুখত এক উজ্বলতা দেখিবলৈ পোৱা গৈছে । ইফালে, সোণাক্ষী সিনহাক তেওঁৰ জীৱনৰ এক নতুন অধ্যায়ৰ আৰম্ভণিৰ বাবে অনুৰাগীসকলেও অভিনন্দন জনাইছে ।

শত্ৰুঘ্ন সিনহাই দম্পতীক দিলে আশীৰ্বাদ

ইয়াৰ পূৰ্বে সোণাক্ষী সিনহাৰ তাৰকা পিতৃ শত্ৰুঘ্ন সিনহাই ২৬ জুনত তেওঁৰ এক্স হেণ্ডেলত বিয়াৰ ছবি আৰু ভিডিঅ’ পোষ্ট কৰিছিল। এই পোষ্টটোত উপস্থিত থকা এটা ভিডিঅ’ত অভিনেতাগৰাকীয়ে পত্নী পুনম সিনহাৰ সৈতে নিজৰ কন্যাক উপহাৰ দিয়া দেখা গৈছে । এই পোষ্টটো শ্বেয়াৰ কৰি অভিনেতাজনে লিখিছে, আপোনালোকৰ মৰম আৰু শুভকামনাই আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ, মই মোৰ সুখক শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম ।

লগতে পঢ়ক:সোণাক্ষী-জাহীৰৰ বিয়াৰ আঁৰত ‘লৱ্ জেহাদ’ ! - Sonakshi Zaheer Wedding Love Zihad

ABOUT THE AUTHOR

...view details