মুক্তি লাভ কৰিলে নতুন ছবি ‘মিনি’ গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: আজি ৰাজ্যৰ ছবিগৃহত মুক্তি লাভ কৰিছে নতুন ছবি ‘মিনি’ । অসমৰ চাহৰ ২০০ বছৰীয়া গৌৰৱ উজ্জ্বল উপলক্ষে চাহ জনগোষ্ঠীয় লোকসকলৰ আধাৰত ছাদ্ৰী ভাষাত নিৰ্মাণ কৰা হৈছে নতুন ছবি ‘মিনি’ । PM Associate ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ প্ৰযোজনা কৰিছে পংকজ মহন্তই, আনহাতে ছবিখন পৰিচালনা কৰিছে অৰুন জিৎ বৰাই ।
বৃহস্পতিবাৰে মহানগৰীৰ অনুৰাধা চিনেমা হলত অনুষ্ঠিত হয় ‘মিনি’ৰ প্ৰিমিয়াৰ শ্ব’ । ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ত উপস্থিত থাকে প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত, অভিনেত্ৰী চেতনা দাসকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ লগতে ছবিখনৰ কলা-কুশলীসকল । অসমৰ চাহৰ ২০০ বছৰীয়া জয়ন্তীৰ এক অনন্য আয়োজন ‘মিনি’ত অভিনয় কৰিছে উৰ্মিলা মহন্ত, বলোৰাম দাস, পংকজ মহন্তকে ধৰি বহু নবীন প্ৰবীণ অভিনেতা-অভিনেত্ৰীয়ে ।
ছবিখনৰ সন্দৰ্ভত প্ৰযোজক পংকজ মহন্তই কয়, ‘‘ছবি এখন নিৰ্মাণ কৰিলে নিশ্চয়কৈ বহুত আশা কৰা হয় । এটা পুৰণি সপোনৰ বাবে অসমীয়া ভাষাৰ সলনি মই ছাদ্ৰী ভাষাত ছবি এখন নিৰ্মাণ কৰিছোঁ । এই ক্ষেত্ৰত মোক মোৰ পৰিয়ালৰ, বন্ধুবৰ্গই যথেষ্ট সাহস তথা অনুপ্ৰেৰণা আগবঢ়াইছে । এটা সুন্দৰ কাহিনীৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে । উৰ্মিলা মহন্ত, বলোৰাম দাসকে ধৰি অভিনেতা-অভিনেত্ৰীসকলে সুন্দৰ অভিনয় কৰিছে ছবিখনত ৷ সেয়ে ছবিখন ৰাইজে আঁকোৱালি ল’ব বুলি আশা কৰিছো ।’’
উল্লেখযোগ্য যে, এই ছবিখন কেৱল অসমতে নহয়, অসমৰ প্ৰায় ২২ টা ছবিগৃহৰ লগতে অৰুণাচলৰো কেইবাটাও ছবিগৃহত মুক্তি লাভ কৰিব ‘মিনি’ । ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ কলা-কুশলী তথা পৰিচালক ।
লগতে পঢ়ক:ছিংগাপুৰৰ প্ৰযোজনা সংস্থা Akanga Film Asia ই প্ৰযোজনা কৰিব ৰীমা দাসৰ মালতী মাই লাভ