গুৱাহাটী :শীঘ্ৰে আহি আছে নতুন অসমীয়া ৱেব ছিৰিজ ‘স্কেম ২০১৯’ । আজি গুৱাহাটী প্ৰেছ ক্লাবত মুকলি কৰা হয় আহিবলগীয়া এই নতুন ৱেব ছিৰিজখনৰ অফিচিয়েল টিজাৰ । ৰেড চিনেমাছ প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই ৱেব ছিৰিজখনৰ পৰিকল্পনা অভিজিৎ শৰ্মাৰ । এজন উদণ্ড আৰু দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াক লৈ এটা কাল্পনিক কাহিনীৰে নিৰ্মাণ কৰা এই নতুন অসমীয়া ৱেব ছিৰিজখনৰ পৰিচালনা কৰিছে আৰ কেই ।
অহা ২৪ ডিচেম্বৰত 'ৰেড চিনেমাছ'ত দৰ্শকৰ বাবে মুক্তি দিয়া হ’ব এই নতুন ৱেব ছিৰিজখন । আজি টিজাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে ৱেব ছিৰিজখনৰ প্ৰযোজক অভিজিৎ শৰ্মা, পৰিচালক আৰ কে, অভিনেতা যতীন বৰা, অভিনেত্ৰী য়াংকি পৰাশৰৰ লগতে ৱেব ছিৰিজখনৰ লগত জড়িত সমূহ কলা-কুশলী ।
ৱেব ছিৰিজখনৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেতা যতীন বৰাই কয়, “ৰেড চিনেমাছৰ প্ৰথম প্ৰচেষ্টা, তেওঁলোকে এখন ৱেব ছিৰিজ নিৰ্মাণ কৰিব বিচাৰিছে ‘স্কেম ২০১৯’ । এটা কাল্পনিক কাহিনীৰ ওপৰত ৱেব ছিৰিজখন নিৰ্মাণ কৰা হৈছে । ৰেড চিনেমাছৰ লগতে মোৰ জীৱনৰ এইখন প্ৰথম ৱেব ছিৰিজ । ৱেব ছিৰিজত সময়টো বহুত দিব লাগে বাবে অকণমান অসুবিধা হয় যিহেতু মই এতিয়া থিয়েটাৰত আছো । নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ লগত কাম কৰিবলৈ লৈছো । অসমৰ ৰাইজে এই ৱেব ছিৰিজখন নিশ্চয় ভাল পাব, মোৰো কাম কৰি ভাল লাগিছে ।”