অসম

assam

ETV Bharat / entertainment

ছবিগৃহলৈ নাই দৰ্শকৰ সোঁত, ব্যৱসায়িকভাৱে বিফল হ’ল 'জয় হনুমেন' বুলি আক্ষেপ হিমাংশু প্ৰসাদ দাসৰ

দৰ্শকৰ পৰা প্ৰশংসিত হৈয়ো অসফল হৈছে নেকি ছবি জয় হনুমেন ? কি কয় হিমাংশু প্ৰসাদ দাসে-

new assamese movie joy hanu man director himanshu prasad das says movie fails to attract audience
ছবি জয় হনুমেন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

গুৱাহাটী :আশানুৰূপ ফল লাভ কৰা নাই সদ্য মুক্তিপ্রাপ্ত অসমীয়া ছবি ‘জয় হনুমেন’ এ । জিলাই জিলাই জয় হনুমেনৰ প্ৰচাৰ চলোৱাৰ পিছতো আশানুৰূপ ফল লাভ কৰা নাই ছবিখনে । ভিডিঅ’যোগে এই কথা প্ৰকাশ পৰিচালক হিমাংশু প্ৰসাদ দাসৰ ।

মুক্তিৰ পূৰ্বৰে পৰা সামাজিক মাধ্যমযোগে যথেষ্ট চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল ‘জয় হনুমেন’ এ ৷ পিছে সেই অনুপাতে ছবিখনৰ মুক্তিৰ পাছত দৰ্শকৰ যিদৰে সমাদৰ লাভ কৰিব লাগিছিল ছবিখনে, সিমান আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই । সোমবাৰে ভিডিঅ’ যোগে এই কথা প্ৰকাশ কৰে ছবিখনৰ পৰিচালক হিমাংশু প্ৰসাদ দাসে ।

ভিডিঅ’ যোগে হিমাংশু প্ৰসাদ দাসে উল্লেখ কৰি কয়, “জয় হনুমেন ছবিখনে আজি চতুৰ্থ দিনত ভৰি দিলে। আৰু আজিৰ দিনটোত মই ক’ব পৰা হৈছো যে ছবি কোনোবাখিনিত এখন ব্যৱসায়িকভাৱে ব্যৰ্থ ছবি হ'বলৈ গৈ আছে । যাক আমি ফ্লপ বুলি কওঁ । যদিওবা ছবিখন ছবিগৃহত চলি আছে আৰু কিছুদিন চলি থাকিব ।”

লগতে তেওঁ উল্লেখ কৰে, “এখন চিনেমা চাই যেতিয়া মানুহে ভাল হৈছে বুলি মন্তব্য কৰে বা ছবিখন চাই যেতিয়া দৰ্শক সুখী হয় তেতিয়া তেওঁলোকৰ মুখে মুখে শুনি আৰু দৰ্শক ছবি চাবলৈ আহে । আমাৰ জয় হনুমেন ছবিখনে মানুহক 100% সুখ দিব পৰা নাই কিন্তু 95% মানুহে ছবিখন চাইছে, ভাল পাইছে আৰু ছবিখন একেমুখে প্ৰশংসা কৰিছে । বহুতে ছবিখনৰ সন্দৰ্ভত লিখিছে, কিন্তু ইমানৰ পাছতো ছবিখনে ভবা ধৰণে দৰ্শক পাবলৈ সক্ষম হোৱা নাই । যিটো কথাই আমাক কোনোবাখিনিত চিন্তিত কৰিছে ।”

এইক্ষেত্ৰত যদি কিবা শুধৰণিৰ প্ৰয়োজন আছে তেন্তে তাৰ বাবেও পৰামৰ্শ বিচাৰিছে পৰিচালকগৰাকীয়ে । পৰিচালক হিমাংশু প্ৰসাদ দাসৰ এই ভিডিঅ’টোত একাংশই এতিয়া কমেণ্ট কৰিছে যে ছবিখনৰ মুক্তিৰ সময়টো বেয়া হৈছে । চলিত মাহত ইটোৰ পিছত সিটোকৈ অনুষ্ঠিত হোৱা উৎসৱ-পাৰ্বণৰ বাবে দৰ্শকসকল ব্যস্ত হোৱাৰ ফলতেই হয়টো ছবিগৃহত দৰ্শকৰ উপস্থিতি কম বুলি বিভিন্নজনে কাৰণ দৰ্শাইছে ।

লগতে পঢ়ক :দৰ্শকে ছবিখন চাই ভাল পোৱা বুলি কৈছে: হিমাংশু প্ৰসাদ দাস

ABOUT THE AUTHOR

...view details