গুৱাহাটী : শুকুৰবাৰ অৰ্থাৎ ১৫ নৱেম্বৰত ছবিগৃহলৈ আহি আছে ‘অভিমন্যু’ ৷ শ্বৱনম এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ কাহিনী আৰু পৰিচালনা অচিন্ত্য শংকৰৰ । বুধবাৰে গুৱাহাটীৰ অনুৰাধা ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা ৷ ছবিখনৰ সমূহ কলা-কুশলী তথা সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত বহু বিশিষ্ট ব্যক্তিও উপস্থিত থাকে ।
ছবিখনৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, “অচিন্ত্য শংকৰৰ সৈতে মই বহুবছৰ পূৰ্বে বহুকেইখন চুটি ছবি, তথ্যচিত্ৰৰ কাম কৰিছো । অভিমন্যুত মোৰ সন্তানেও অভিনয় কৰিছে । অসমীয়া ছবিৰ প্ৰতি সদায় শ্ৰদ্ধা আছে, সেই সূত্ৰে ইমান ব্যস্ততাৰ মাজতো ছবিখন চাবলৈ আহিছো । আশা কৰিছো অভিমন্যুৱে ৰাইজৰ, দৰ্শকৰ মৰম লাভ কৰিবলৈ সক্ষম হ’ব ।”
লগতে পঢ়ক :বেহু ভেদ কৰি ওলাই আহিব আজিৰ অভিমন্যু
ভালপোৱাৰ ৰাগীত আউলি-বাউলি কমল লোচন-দীপলিনা ডেকা
ছবিখনৰ প্ৰযোজনা মতেলেবুদ্দিন আহমেদৰ ৷ কাৰ্যবাহী প্ৰযোজক হিচাপে আছে দেৱজিৎ মজুমদাৰ ৷ চিত্ৰনাট্য -সংলাপ ৰচনা তথা মুখ্য সহকাৰী পৰিচালক হিচাপে কাম কৰিছে হিমাংশু নাথে ৷ সহকাৰী পৰিচালক হিচাপে আছে জিতুল ৰাজবংশী, দেৱাশিস কলিতা আৰু হিৰকজ্যোতি কলিতা ৷ চিত্ৰগ্ৰহণ প্ৰদীপ দৈমাৰীৰ ৷
ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে দীপলিনা ডেকা আৰু কমল লোচনে । লগতে অভিনয় কৰিছে দেৱজিৎ মজুমদাৰ, ৰাজীৱ গোস্বামী, ভগৱৎ প্ৰীতম, জলি লস্কৰ, হিৰণ্য ডেকা, অমৃতা গগৈ, শংকৰ জ্যোতি ৰাজখোৱা, কৌশিক নাথ, চাংকু নিৰঞ্জন নাথ, শ্ৰেয়া বৰঠাকুৰ, শৈলেন কাকতি, দেৱজিৎ ৰয়, মণিৰাজ বৰঠাকুৰ, আশ্ৰমিকা, প্ৰতিষ্ঠাৰ লগতে আৰু কেইবাগৰাকীও শিল্পীয়ে । সংগীত কৰিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা আৰু ৰাজদ্বীপে ।
গীতৰ কথা দিগন্ত ভাৰতী, ৰাহুল গৌতম শৰ্মা, অৰূপজ্যোতি বৰুৱা আৰু ৰাজদ্বীপৰ । আৱহ সংগীত পলাশ সূৰ্য গগৈৰ ৷ আনহাতে প্ৰিয়ংকা ভৰালী, জুবিন গাৰ্গ আৰু দেৱজিৎ মজুমদাৰে কণ্ঠদান কৰা আৰু ৰাজদ্বীপৰ কথা, সুৰ আৰু সংগীতেৰে ‘মোৰে কানাই’ শীৰ্ষক গানটোত অভিনয় কৰিছে ৰাছিয়ান নৃত্যশিল্পী লিজা য়াছমিনে । জুবিন গাৰ্গ আৰু দেৱজিৎ মজুমদাৰেও ভুমুকি মাৰিছে গীতটোত ।
লগতে পঢ়ক :কলি যুগৰ অভিমন্যুক আশীৰ্বাদ দিবলৈ সাজুনে আপোনালোক
‘অভিমন্যু’ৰ পোষ্টাৰত দীপলীনা-কমলৰ ৰোমাঞ্চে জুৰাইছে হৃদয় - Abhimanyu Assamese Movie