গুৱাহাটী,২ ফ্ৰেব্ৰুৱাৰী:আজি ছবিগৃহলৈ এখন ব্যতিক্ৰমী নতুন অসমীয়া ছবি 'সত্য The Truth' । সমকামিতাক মূল বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা ছবিখন মুক্তি দিয়া হয় অসমৰ প্ৰায়কেইটা ছবিগৃহত । চিটি প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ পৰিকল্পনা চন্দন তালুকদাৰৰ, প্ৰযোজনা তিলোত্তমা তালুকদাৰ আৰু পৰিচালনা ৰূপজ্যোতি বৰঠাকুৰৰ । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা উৎপল দাস আৰু নৱাগত অভিনেতা ৰাকেশ বৰুৱাই ।
তদুপৰি ছবিখনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিছে উদয়ন দুৱৰা, ডৰথী ভৰদ্বাজ, মহেশ বৰা, সুমন দাস আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেতা উদয়ন দুৱৰাই কয় যে এখন অতি সংবেদনশীল আৰু ব্যতিক্ৰমী ছবি সুন্দৰকৈ দৰ্শকৰ মাজলৈ আগবঢ়োৱা হৈছে । সমকামিতাৰ ওপৰত ছবিখন নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, "আশাকৰো ছবি খন ৰাইজে আঁকোৱালি ল'ব । ৰাইজে যিমানে চাব সিমানেই দীঘলীয়া যাত্ৰা আমি অব্যাহত ৰাখিম ।"
ছবিখনৰ সন্দৰ্ভত মন্তব্য কৰি অভিনেত্ৰী ডৰথী ভৰদ্বাজে কয়,"মই বৰ্তমানলৈ যি কেইখন ছবি কৰিছো আটাইকেইখন ছবিতে মই নামভূমিকাত অভিনয় কৰি আহিছো । এইবাৰ এইটোৱে মোৰ প্ৰত্যহ্বান যে এই কাহিনীত মুখ্য চৰিত্ৰত আমাৰ দুজন ল'ৰা আৰু তেওঁলোকৰ যি ঘটনা তাত মই তেওঁলোকক কেনেদৰে সহায় কৰিব পাৰো সেয়া মোৰ ভূমিকা আছিল । মোৰ চৰিত্ৰটো এগৰাকী টেট শিক্ষয়িত্ৰীৰ ।"