গুৱাহাটী, ১১ মাৰ্চ:সকলোকে কন্দুৱাই অজান পৃথিৱীলৈ গুচি গ’ল বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জী । সোমবাৰে পুৱাৰ ভাগত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সংগীত পৰিচালকগৰাকীয়ে । জানিব পৰা মতে কিছুদিন ধৰি অসুস্থ হৈ আছিল তেওঁ । কিন্তু দেওবাৰে হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে ।
পুৱা ঘৰৰ মজিয়াত পৰি থকা অৱস্থাত ঘৰৰ পৰিয়ালে প্ৰত্যক্ষ কৰে আৰু তাৰ পাচতেই ততাতৈয়াকৈ বিশেষ এম্বুলেন্সৰ যোগে মহানগৰ KGMT হস্পতালত ভৰ্তি কৰোৱা হৈছিল । কিন্তু দুৰ্ভাগ্যবশতঃ KGMT হস্পতালৰ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল ৬৮ বছৰ ।
১৯৫৫ চনত নগাঁৱত জন্মগ্ৰহণ কৰিছিল বিশিষ্ট শিল্পীগৰাকীয়ে । শৈশৱৰ পৰাই এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হৈছিল বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জী । তেখেতৰ পিতৃও সংগীতৰ লগত জড়িত আছিল । ভাৰতীয় শাস্ত্ৰীয় আৰু প্ৰাশ্চাত্য সংগীতৰ জ্ঞান প্ৰচুৰ আছিল । এইগৰাকী শিল্পীৰ মৃত্যু এতিয়া অসমীয়া সংগীত ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি ।