অসম

assam

ETV Bharat / entertainment

এক কোটি দহ লাখ টকা ক্ষতিপূৰণ ! এটা মোবাইল নম্বৰক লৈ এখন চিনেমাৰ বিড়ম্বনা - MOVIE AMARAN

সাই পল্লৱীয়ে এটা মোবাইল নম্বৰ লিখে আৰু শিবা কাৰ্তিকেয়নক সেই কাগজখন দি কয় যে এইটো তেওঁৰ নম্বৰ ৷ বিড়ম্বনা সেইখিনিৰ পৰাই আৰম্ভ হ'ল ৷

movie Amaran
এটা মোবাইল নম্বৰক লৈ এখন চিনেমাৰ বিড়ম্বনা (ETV Bharat)

By ETV Bharat Entertainment Team

Published : Dec 5, 2024, 7:51 AM IST

Updated : Dec 5, 2024, 9:06 AM IST

চেন্নাই: এটা মোবাইল নম্বৰ ৷ সেই বিশেষ মোবাইল নম্বৰটোৱেই এতিয়া লগাইছে ঘমঘণ্ট ৷ কথা ইমান পৰ্যায়লৈ গৈছে যে মাত্ৰ কেইছেকেণ্ডমানৰ বাবে সেই মোবাইল নম্বৰটো ব্যৱহাৰ কৰাৰ বাবে এতিয়া মোবাইলৰ গৰাকীয়ে এক কোটি দহ লাখ টকা ক্ষতিপূৰণ বিচাৰিছে ৷ আচলতে ঘটনাটো এনেধৰণৰ- যোৱা দীপাৱলীৰ সময়ত বিভিন্ন ছবিগৃহ আৰু অ' টি টি প্লেটফৰ্মত মুক্তি পাইছিল এখন তামিল ছবি ৷ নাম আছিল "আমাৰণ" ৷

দক্ষিণৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীদ্বয় শিবা কাৰ্তিকেয়ন আৰু সাই পল্লৱী অভিনীত এই ছবিখনৰ পৰিচালক আছিল ৰাজকুমাৰ পেৰিয়াস্বামী ৷ ছবিয়ে মুক্তি পালে, সাংঘাতিক সঁহাৰিও পালে দৰ্শকৰ ৷ তাৰ মাজতে লাগিল হাহাকাৰ ৷ ছবিখনৰ এটা দৃশ্যত অভিনেত্ৰী সাই পল্লৱীয়ে এটুকুৰা কাগজত এটা মোবাইল নম্বৰ লিখে আৰু নায়ক শিবা কাৰ্তিকেয়ানক সেই কাগজখন দি কয় যে এইটো তেওঁৰ ফোন নম্বৰ ৷

বিড়ম্বনা সেইখিনিৰ পৰাই আৰম্ভ হ'ল ৷ নায়িকা সাই পল্লৱীয়ে যিটো নম্বৰ লিখিছিল অৰ্থাৎ যিটো নম্বৰ ছবিখনত দেখুওৱা হৈছিল সেই নম্বৰটো আছিল চেন্নাইৰ আলৱাৰ থিৰুনগৰৰ ৱাচিকান নামৰ এজন যুৱকৰ ৷ ৱাচিকান বি-টেকৰ এজন ছাত্ৰ ৷ তেওঁৰ অজানিতেই ছবিখনত দেখুওৱা হৈছিল সেই মোবাইল নম্বৰটো, যিটো কাকতালীয়ভাৱে ৱাচিকানৰ নম্বৰৰ সৈতে মিলি গ'ল ৷ ইয়াৰ পিছৰে পৰাই শান্তি নোহোৱা হ'ল ৱাচিকানৰ ৷

যোৱা 31 অক্টোবৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ উপৰি বিদেশৰ পৰাও ৱাচিকানৰ নম্বৰটোলৈ অহৰহ ফোন আহিবলৈ আৰম্ভ কৰিলে সাই পল্লৱীক বিচাৰি ৷ অতিষ্ঠ হৈ ৱাচিকানে তেওঁৰ গোপনীয়তা ভংগৰ অভিযোগ তুলি ছবিখনৰ প্ৰযোজক আৰু পৰিচালকলৈ আইনী জাননী জাৰি কৰি তাৎক্ষণিকভাৱে সেই দৃশ্যাংশৰ পৰা তেওঁৰ মোবাইল নম্বৰটো আতৰাবলৈ ক'লে ৷ প্ৰযোজকেও আতৰাব বুলি ক'লে যদিও আজি পৰ্যন্ত নম্বৰটো আতৰ নকৰিলে ৷ যাৰ ফলত ফোনৰ বিড়ম্বনাত অতিষ্ঠ হৈ শেহতীয়াকৈ ৱাচিকানে এক কোটি দহ লাখ টকাৰ ক্ষতিপূৰণ বিচাৰি ছবিখনৰ প্ৰযোজক আৰু পৰিচালকৰ বিৰুদ্ধে মাদ্ৰাজ উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰিছে ৷

লগতে পঢ়ক:দ্য সাবৰমতী ৰিপ’ৰ্ট: চলচ্চিত্ৰ বিতৰকলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ চিঠি

Last Updated : Dec 5, 2024, 9:06 AM IST

ABOUT THE AUTHOR

...view details