নলবাৰী : নলবাৰীবাসীৰ বাবে সুখবৰ । অন্ত পৰিল এটি দীৰ্ঘদিনীয়া সমস্যাৰ । নলবাৰীৰ মানুহে এতিয়াৰে পৰা চিনেমা চাবলৈ যাব নালাগে ৰঙিয়া অথবা গুৱাহাটীলৈ । সমাজ সচেতন এজন ব্যক্তিয়ে দূৰ কৰিলে এটা বহুদিনীয়া সমস্যা ৷ নলবাৰীত নিৰ্মাণ কৰিলে এটা চিনেমা হল ৷ নলবাৰীৰ একমাত্ৰ চিনেমা হল জনতা ট’কীজ 2013 চনৰ পৰা ব্যৱসায়িকভাৱে দুৰ্বল হৈ পৰাৰ পিছত 2014 চনত একেবাৰে বন্ধ হৈ পৰিছিল ৷ তাৰ পিছৰে পৰা নলবাৰীবাসীয়ে বাৰুকৈয়ে এটা চিনেমা হলৰ অভাৱ অনুভৱ কৰি আহিছিল ৷
অসম তথা সমগ্ৰ ভাৰততে যেতিয়া এখন বহুচৰ্চিত ছবিয়ে মুক্তি পাই, তেতিয়া নিজম পৰি থাকে নলবাৰী ৷ নলবাৰীবাসীয়ে ছবি এখন চাবলৈ ক’ত যে পৰিকল্পনা কৰিবলগীয়া হয় ৷ ছবি এখন চাবলৈ বাটকুৰি বাই যাবলগীয়া হয় ৰঙিয়া নতুবা গুৱাহাটীলৈ ৷ কিন্তু এতিয়াৰে সেই সমস্যা দুৰ হ'ল । নলবাৰীৰ এজন সফল ব্যৱসায়ী আছিক ইজাজে নলবাৰীবাসীৰ এক দীৰ্ঘদিনীয়া আশা পূৰণ কৰিলে ৷
শুকুৰবাৰে সন্ধিয়া নলবাৰীত মুকলি কৰা হয় চিনেমা হলটো । নলবাৰী চহৰৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰকুৰাৰ হৰিপুৰত মুকলি কৰা হয় পি ভি আৰ স্ক্ৰীণৰ চিনেমা হল ছোটু মহাৰাজ চিনে কেফে । স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুকুৰবাৰে সন্ধিয়া নাৰিকল ভাঙি ফিটা কাটি ‘‘ছোটু মহাৰাজ’’ নামৰ হলটো ৰাইজৰ বাবে মুকলি কৰে । চিনেমা হল মুকলি অনুষ্ঠানত বহু স্থানীয় লোক উপস্থিত থাকে ৷