গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: পহিলা মার্চত গুৱাহাটীৰ আই টি এ সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ত্ৰয়োদশ সংখ্যাক মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ গ্ৰেণ্ড ফিনালে । শেহতীয়াকৈ এই সন্দৰ্ভত গুৱাহাটীত অনুষ্ঠিত হয় এখনি সংবাদমেল ৷ সংবাদমেলত এই কথা ঘোষণা কৰে ফেশ্বন শ্ব’ মেগা এণ্টাৰটেইনমেণ্টৰ প্ৰতিষ্ঠাপক অভিজিত সিনহাই ।
সংবাদমেলত তেওঁ কয়, ‘‘উত্তৰ-পূবৰ এই বহু প্ৰত্যাশিত অনুষ্ঠানটো আমি পুনৰবাৰ অনুষ্ঠিত কৰি যথেষ্ট সুখী অনুভৱ কৰিছোঁ । মেগা মিষ্টাৰ নৰ্থ ইষ্টৰ আটাইতকৈ অনন্য দিশটো হ’ল ইয়াত এগৰাকী বিজয়ীৰ বিপৰীতে তিনিগৰাকী বিজয়ী থাকিব । পৰম্পৰাগত প্ৰতিযোগিতাৰ দৰে ৰানাৰ্ছ আপ নাথাকিব; ইয়াৰ পৰিৱৰ্তে আমি তিনিওগৰাকী বিজয়ীক সমানে সন্মানিত কৰিম আৰু একেধৰণৰ পুৰস্কাৰ প্ৰদান কৰিম । মেগা এণ্টাৰটেইনমেণ্টৰ লক্ষ্য হৈছে প্ৰতিগৰাকী যুৱকক ইতিবাচক পৰিৱৰ্তন আৰু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ আইকন হিচাপে আত্মপ্ৰকাশ কৰাৰ সমান সুযোগ প্ৰদান কৰা ।"
সংবাদমেলত অভিজিত সিনহাই এই কথাও প্ৰকাশ কৰে যে এই প্ৰতিযোগিতাৰ বিজয়ীসকলৰ ভিতৰত এগৰাকীক চলিত বৰ্ষৰ শেষৰ ফালে তুৰস্কত অনুষ্ঠিত হ’বলগীয়া সুপৰিচিত টপ মডেল অৱ দ্য ইউনিভার্জ অনুষ্ঠানলৈ ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰা হ’ব ।