চিটাৰা ডেস্ক, 23 মাৰ্চ: ২০২১ চনত মুক্তি লাভ কৰিছিল ছবি ‘ছাইলেন্স: কেন ইউ হিয়াৰ ইট ’ নামৰ ছবিখন ৷ ছবিখনত মনোজ বাজপেয়ীৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে তেওঁৰ শলাগ লোৱা হৈছিল ৷ এচিপি অবিনাশৰ চৰিত্ৰত অভিনয় কৰা মনোজে পুনৰবাৰ এই ছবিখনেৰে অ’টিটি জগতত ঘূৰি আহিবলৈ সাজু হৈছে ৷
তিনি বছৰৰ পিচত আহি আছে মনোজ বাজপেয়ীৰ ‘ছাইলেন্স’ৰ ছিকুৱেল ৷ এই ছবিখনত অভিনেতাজনৰ অভিনয়ৰ উপৰিও ছবিখনৰ ছাচপেন্স থ্ৰিলাৰ কাহিনীটোও সকলোৱে খুবেই ভাল পাইছিল ৷ বহুদিন ধৰি ছবিখনৰ ছিকুৱেলৰ বাবে অপেক্ষা কৰি আছিল সকলোৱে ৷ অৱশেষত এতিয়া ছবিখনৰ দ্বিতীয় খণ্ডৰ কথা ঘোষণা কৰা হয় ৷
চাইলেন্স ২ ঘোষণা
তিনি বছৰৰ পাছত 'চাইলেন্স ২: নাইটআউল বাৰ শ্বুটআউট'ৰ ছিকুৱেল ৷ আকৌ এবাৰ মনোজ বাজপেয়ীয়ে এচিপি অবিনাশ হৈ অপৰাধীক বচাব ৷ শনিবাৰে (২৩ মাৰ্চ) এটা দৰ্শনীয় ভিডিঅ’ৰ জৰিয়তে ছবিখনৰ কথা ঘোষণা কৰা হয় ৷
মনোজ বাজপেয়ীয়ে ‘Silence 2’ৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি তেওঁৰ শক্তিশালী অৱতাৰ দেখুৱাইছে ৷ ভিডিঅ’টোৰ লগত দিয়া কেপচনত মনোজে লিখিছে, “এচিপি অবিনাশে পুনৰ আহি আছে অপৰাধীক নীৰৱ কৰিবলৈ ৷”