চিটাৰা ডেস্ক, 22 মে’ :শেহতীয়াকৈ ব্ৰিটেইনৰ ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী ঋষি সুনকক লৈ খবৰ আহিছে যে, তেওঁ ব্ৰিটেইনৰ ৰজা চাৰ্লছতকৈও ধনী হৈ পৰিছে । বলীউডৰ মোহময়ী অভিনেত্ৰী মনীষা কৈৰালাই সাক্ষাৎ কৰিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনকক । ব্ৰিটেইনৰ ১০ ডাউনিং ষ্ট্ৰীটত থকা বাসগৃহত প্ৰধানমন্ত্ৰী ঋষি সুনকক সাক্ষাৎ কৰে মনীষাই । মনীষাই প্ৰধানমন্ত্ৰীৰে হোৱা এই বৈঠকৰ ছবিও সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ।
আপুনি জানি আচৰিত হ'ব যে, মনীষা কৈৰালা হৈছে একমাত্ৰ নেপালী অভিনেত্ৰী যি এতিয়াও বলীউডত দপদপাই আছে । ব্ৰিটেইন আৰু নেপালৰ মাজত বন্ধুত্ব চুক্তিৰ 100 বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত মনীষা প্ৰতিনিধি হিচাপে ব্ৰিটেইনত উপস্থিত হয় ।
মনীষা কৈৰালা আচৰিতো হৈছে যে, পি এম হাউচৰ বহুলোকে সদ্য মুক্তিপ্ৰাপ্ত ৱেব-ছিৰিজ হীৰামণ্ডী উপভোগ কৰিছে । মনীষাই এখন ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁ ঋষি সুনকৰ সৈতে থিয় হৈ ফটোৰ বাবে প’জ দিছে ।
এই পোষ্টটো শ্বেয়াৰ কৰি মনীষাই লিখিছে, ‘ব্ৰিটেইন আৰু নেপালৰ মাজত বন্ধুত্ব চুক্তিৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে প্ৰধানমন্ত্ৰীৰ বাসগৃহলৈ আমন্ত্ৰণ পোৱাত অভিভূত হৈছো ৷ আমাৰ দেশ নেপালৰ বিষয়ে ঋষি সুনকৰ মতামত শুনি মই অতিশয় আনন্দিত হৈছো’ ৷
নেপালৰ পূৰ্ব প্ৰধানমন্ত্ৰীৰ নাতিনী হৈছে মনীষা কৈৰালা