গুৱাহাটী:কেইবাসহস্ৰাধিক ছবিপ্ৰেমীৰ উপস্থিতি, কেইবাখনো মনোগ্ৰাহী ছবিৰ প্ৰদৰ্শনেৰে দেওবাৰে সামৰণি পৰিল গুৱাহাটী এছিয়ান ফিল্ম ফেষ্টিভেল (জি এ এফ এফ) ২০২৫ৰ প্ৰথম সংস্কৰণৰ । সামৰণি ছবিখনৰ বিশেষ প্ৰদৰ্শনৰ পূৰ্বে অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত ইমতিয়াজ আলী, ৰীমা দাস, অনিৰ আৰু কবীৰ খানৰ পৰিচালনাৰ ছবি ‘মাই মেলব’ৰ্ণ’ প্ৰদৰ্শন কৰা হয় । ইফালে সামৰণি অনুষ্ঠানত উত্তৰ-পূব ভাৰতৰ ছবিৰ বাবে বিশেষ প্ৰতিযোগিতামূলক শাখাত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালনা আৰু শ্ৰেষ্ঠ অভিনয়ৰ বঁটা প্ৰদান কৰা হয় । এই ফিল্ম ফেষ্টিভেললৈ নিৰ্বাচিত হৈছিল উত্তৰ-পূৰ্বাঞ্চলৰ ৬ খন ছবি ।
এই মহোৎসৱত মণিপুৰী ছবি 'জোচেফচ চান' ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে । লগতে উক্ত ছবিখনৰ বাবে ৰেউবেন মাছাংভাই লাভ কৰে শ্ৰেষ্ঠ সংগীতৰ সন্মান । আনহাতে ‘বিফ'ৰ স্প্ৰিং’ ছবিখনৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ সম্মান লাভ কৰে শ্ৰুতিস্মৃতি চাংকাকতিয়ে । উক্ত ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনয়ৰ সন্মান লাভ কৰে দীপজ্যোতি কাকতিয়ে, শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফীৰ সম্মান লাভ কৰে জয়ন্ত মাথাৱন আৰু শ্ৰেষ্ঠ শব্দ ডিজাইনৰ সন্মান লাভ কৰে কালেশ লক্ষ্মণ আৰু বাম্বীয়ে ।
ইফালে 'এটা নিৰ্জন দুপৰীয়া' ছবিখনৰ বাবে শ্ৰেষ্ঠ সম্পাদনাৰ সন্মান লাভ কৰে ৰন্টু চেতিয়াই । ক'লাজ ছবিখনৰ বাবে শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰে অমৰদীপ গগৈয়ে । আনহাতে অসমীয়া ছবি 'এমেচাৰ' বাবে জুৰীৰ বিশেষ উল্লেখ (পাৰফৰ্মেন্স) লাভ কৰে মিনাক্ষী কলিতাই আৰু ক'লাজ ছবিখনৰ বাবে
চিনেমেট’গ্ৰাফীৰ বাবে জুৰীৰ বিশেষ উল্লেখ লাভ কৰে নাহিদ আহমেদে ।
উল্লেখ্য যে, ৭ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ত আয়োজিত এই মহোৎসৱত অংশগ্ৰহণ কৰে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰপ্ৰেমী, সৃষ্টিশীল ব্যক্তিত্ব আৰু চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত লোকসকলে । আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত শ্ৰীলংকাৰ চলচ্চিত্ৰ নিৰ্মাতা প্ৰসন্ন বিথানাগে, ভাৰতীয় মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী শীবা চাড্ডা, আৰু চলচ্চিত্ৰ পৰিচালক অ’নিৰকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই মহোৎসৱৰ তিনিদিনীয়া আলোচনা চক্ৰত অংশগ্ৰহণ কৰে ।