অসম

assam

ETV Bharat / entertainment

পিতৃৰ মৃত্যু সন্দৰ্ভত মালাইকাৰ ইনষ্টা পোষ্ট: গোপনীয়তা বিচাৰি অনুৰোধ - Malaika Arora Father death - MALAIKA ARORA FATHER DEATH

Malaika Arora Father Dies By Suicide : পিতৃ অনিল কুলদীপ মেহতাৰ মৃত্যুৰ পিছত তেওঁৰ কন্যা অভিনেত্ৰী মলাইকা অৰোৰাই এক বিবৃতি প্ৰকাশ কৰিছে, য’ত তেওঁ পিতৃৰ মৃত্যু নিশ্চিত কৰিছে । খবৰ অনুসৰি অনিল মেহতাই মৃত্যুৰ পূৰ্বে তেওঁৰ দুই কন্যা-অভিনেত্ৰী মলাইকা আৰু অমৃতাক ফোন কৰিছিল ।

Malaika Arora issued a statement after her father Dies By Suicide anil mehta called daughters before death
পৰিয়ালৰে সৈতে মালাইকা অৰোৰা (ANI)

By ETV Bharat Entertainment Team

Published : Sep 12, 2024, 12:36 PM IST

চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ : বলীউডৰ অভিনেত্ৰী মলাইকা অৰোৰাৰ পিতৃ অনিল কুলদীপ মেহতাই 11 ছেপ্টেম্বৰত আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । খবৰ পোৱা গৈছে যে মৃত্যুৰ পূৰ্বে মেহতাই তেওঁৰ কন্যা দুগৰাকীৰ সৈতে কথা পাতিছিল । ইফালে বুধবাৰে সন্ধিয়া মালাইকা অৰোৰাই ইনষ্টাগ্ৰামত এক বিবৃতি প্ৰকাশ কৰি কয় যে পিতৃৰ মৃত্যুত পৰিয়ালটো গভীৰভাৱে স্তম্ভিত হৈ পৰিছে । সংবাদ মাধ্যমক গোপনীয়তা বজাই ৰাখিবলৈ অনুৰোধ জনাই অভিনেত্ৰীগৰাকীয়ে ।

অভিনেত্ৰী মালাইকা অৰোৰা ইনষ্টাগ্ৰাম পোষ্ট

11 ছেপ্টেম্বৰৰ গভীৰ সন্ধিয়া মালাইকা অৰোৰাই পিতৃৰ মৃত্যু নিশ্চিত কৰি এটা পোষ্ট শ্বেয়াৰ কৰে । লগতে সংবাদ মাধ্যমক গোপনীয়তা বজাই ৰাখিবলৈ অনুৰোধ জনায় । মালাইকাই পোষ্টটোত লিখিছে, “আমাৰ মৰমৰ পিতৃ অনিল মেহতাৰ মৃত্যুৰ কথা ঘোষণা কৰি আমি বৰ দুখ পাইছো । তেওঁ আছিল এজন নম্ৰ আত্মা, এজন নিষ্ঠাবান ককাক, এজন মৰমিয়াল স্বামী আৰু আমাৰ প্ৰিয় বন্ধু । এই সময়ত আমাৰ পৰিয়ালটো গভীৰ স্তম্ভিত হৈ পৰিছে আৰু আমি এই কঠিন সময়ত সংবাদ মাধ্যম আৰু শুভাকাংক্ষীসকলৰ পৰা গোপনীয়তা বিচাৰিছো । আপোনালোকৰ বুজাবুজি, সমৰ্থন আৰু সন্মানৰ আমি শলাগ লৈছো । কৃতজ্ঞতাৰে জয়েছ, মালাইকা, অমৃতা, শ্বাকিল, আৰহান, আজান, ৰিয়ান, কেছপাৰ এক্সেল, ডাফী আৰু বাডী ।”

“মই অসুস্থ আৰু ভাগৰুৱা”

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অনিল মেহতাই তেওঁৰ দুগৰাকী কন্যা মালাইকা অৰোৰা আৰু অমৃতা অৰোৰাক তেওঁৰ অন্তিম মুহূৰ্তত ফোন কৰিছিল । মালাইকাই পুনেৰ এটা অনুষ্ঠানলৈ গৈ আছিল যেতিয়া তেওঁলৈ এই ফোনটো আহিছিল । অনিল মেহতাই তেওঁৰ দুয়ো কন্যাক কৈছিল, “মই অসুস্থ আৰু ভাগৰুৱা ।”

মৃত্যুৰ কাৰণ নিশ্চিত কৰিবলৈ ভাভা চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰা হৈছে । মেহতাৰ মৃত্যুৰ খবৰে মনোৰঞ্জন জগতৰ সকলোকে হতবাক কৰি তুলিছে । একে সময়তে, ছ'চিয়েল মিডিয়াত শোকৰ বন্যা বৈছে । অৰোৰা পৰিয়ালৰ বন্ধুবৰ্গ, সহকৰ্মী আৰু অনুৰাগীসকলে এই দুখজনক সময়ত তেওঁলোকলৈ সহানুভূতি আৰু সমৰ্থন ব্যক্ত কৰিছে ।

লগতে পঢ়ক :সহজ নাছিল : মাক-দেউতাকৰ বিচ্ছেদ সন্দৰ্ভত মালাইকা অৰোৰাৰ ভাষ্য - MALAIKA ARORA FATHER PASSES AWAY

ABOUT THE AUTHOR

...view details