গুৱাহাটী, 10 জুলাই :সদ্য মুক্তিপ্ৰাপ্ত এখন হিন্দী ফিছাৰ ফিল্ম "কুকি"। মুক্তিৰ পূৰ্বে কাঁ ছবি মহোৎসৱত প্ৰদৰ্শিত হোৱা এই ছবিখন মুক্তিৰ পাচত থমকি ৰ'বলগীয়া হৈছে অসমত ৷ ছবিগৃহৰ শ্লট'ৰ অভাৱত এই অৱস্থা হৈছে ছবিখনৰ । অসমীয়া প্ৰযোজক, পৰিচালক তথা এদল কলা-কুশলীৰে নিৰ্মাণ কৰা ছবি ‘কুকি’ অসমীয়া ভাষাৰ পৰিৱৰ্তে হিন্দী ভাষাত নিৰ্মাণ হোৱাৰ বাবেই অসমৰ ছবিগৃহত ছবিখনে মুক্তি লাভ কৰা নাই নেকি ? এতিয়া এই ধৰণৰ বহু প্ৰশ্নই সকলোৰে মনত উদয় হৈছে ৷
600 কোটিৰো অধিক বাজেটৰ ছবি কল্কিৰ প্ৰসংগও উত্থাপন হৈছে ছবিগৃহত কুকিয়ে লাভ নকৰা শ্লটৰ ক্ষেত্ৰত । বিগ বাজেটৰ ছবিৰ বাবে বঞ্চিত হ'ব নেকি কম বাজেটৰ ছবি ? এই ক্ষেত্ৰত "কুকি" ৰ প্ৰযোজিকা ড৹ জোনমণি দেৱী খাউণ্ডে মন্তব্য কৰি কয়, ‘‘ছবিখনত আমি যিমান দৰ্শক পাব লাগিছিল, সিমানখিনি দৰ্শক আমি পোৱা নাই । বহু কম সংখ্যক ছবিগৃহতহে আমি শ্লট পাইছো । গুৱাহাটীত মাত্ৰ দুটা ছবি গৃহতহে ছবিখন চলি আছে । ৬০০ কোটিৰ এখন ছবিৰ লগত আমি প্ৰতিযোগিতা কৰিবলাগীয়া হৈছে । কল্কিৰ বাবে অসমত ছবিগৃহ নাই পোৱা, যিটো এক পৰিতাপৰ বিষয় । অসমতে আমি বঞ্চিত হ'বলাগীয়া হৈছে । যিখিনি দৰ্শকে কুকি চাইছে তেওঁলোকৰ পৰা আমি ১০০% পজিটিভ ৰিভিউ পাইছোঁ ।’’ মুখ্যমন্ত্ৰী তথা অসম চলচ্চিত্ৰ বিত্তীয় উন্নয়ন বিভাগটোৰ নীৰৱ ভূমিকাকলৈয়ো প্ৰশ্ন উত্থাপন প্ৰযোজিকা গৰাকীৰ ।