অসম

assam

ETV Bharat / entertainment

পবিত্ৰ লক্ষ্মী পূৰ্ণিমাৰ দিনাই মাজুলীত আৰম্ভ হ’ল ৰাসৰ নাট মেলা পৰ্ব

মাজুলীত আৰম্ভ হ’ল ৰাসৰ নাট মেলা পৰ্ব ৷ ৰাস পূৰ্ণিমালৈ সাজু অৰ্ধ শতাধিক ৰংগমঞ্চ আৰু 12 খনকৈ সত্ৰ ৷

By ETV Bharat Entertainment Team

Published : 4 hours ago

Updated : 4 hours ago

majuli raas festival
আৰম্ভ হ’ল ৰাসৰ নাট মেলা পৰ্ব (ETV Bharat Assam)

মাজুলী, 16 অক্টোবৰ :আজি লক্ষ্মী পূৰ্ণিমা । এই লক্ষ্মী পূৰ্ণিমাৰ দিনটোতে মাজুলীত আৰম্ভ হ’ল ৰাসৰ নাট মেলা পৰ্ব । আজিৰে পৰা যেন গকুল-মথুৰা-বৃন্দাবনলৈ পৰিণত হ’ব মাজুলী ! কৃষ্ণৰ বাঁহীৰ মধুৰ গুঞ্জনেৰে মুখৰিত হ’ল মাজুলীৰ আকাশ-বতাহ ৷

আজি মাজুলীৰ ভিন্ন ঠাইত ৰাসৰ নাট মেলা আৰম্ভ হৈছে । সকলোতে চলিছে ৰাসৰ আখৰাৰ প্ৰস্তুতি । অক, বক ,কেশী, পুতনা, কংস বধৰ চলিব আখৰা ৷ ব্যতিক্ৰমী মাজুলীত শৰৎ কাল বুলিলেই ৰাসোৎসৱৰ কথাহে মনলৈ আহে । শৰতৰ স্নিগ্ধ জোনাক নিশা পদূলিয়ে পদূলিয়ে আমোলমোল তলসৰা দুৱৰিত শেৱালীৰ গোন্ধ । শৰৎ মানেই শইচ সম্ভৱা সেউজীয়া পথাৰ, শুভ্ৰ কহুৱাৰ মিচিকিয়া হাঁহিৰ আহ্বান ৷ নীলা আকাশত শুকুলা মেঘৰ লুকাভাকু ।

আৰম্ভ হ’ল ৰাসৰ নাট মেলা পৰ্ব (ETV Bharat Assam)

মাজুলীত পালন কৰা উৎসৱসমূহৰ ভিতৰত প্ৰধান উৎসৱ হৈছে ৰাস মহোৎসৱ । “শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন ৷ ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন’’ মাজুলীৰ পদূলিত এতিয়া শাৰদী ৰাণীৰ হাঁহি । মাজুলীৰ অৰ্ন্তভাগত লহপহীয়া হোৱা সেউজীয়া পথাৰে সজাল কুঁৱলীৰ ওৰণি টানি সেউজীয়াৰ মেলিছে পোহাৰ । শুভ্ৰ কঁহুৱা ফুলৰ নাচোনত মাজুলীৰ সৌন্দৰ্য দুগুণে চৰিছে । অনুপমা মাজুলীৰ প্ৰকৃতিয়ে হাত বাউলি মাতিছে দেশী-বিদেশী পৰ্যটকক । পূৰ্বৰ দৰে এইবাৰো ৰাস উদযাপনৰ বাবে সাজু হৈ উঠিছে মাজুলীৰ সত্ৰ আৰু মঞ্চসমূহ ।

শাৰদীয় ৰাস উৎসৱৰ আনন্দত বিলীন সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী । খোল-তাল, বাঁহীৰ সুৰ, ৰাস গীতৰ মধুৰ ধ্বনিৰে আজিৰে পৰা মুখৰিত হ’ব নদীদ্বীপ মাজুলী । পৰম্পৰা অনুসৰি লক্ষ্মী পূৰ্ণিমাৰ পৰাই মাজুলীত আৰম্ভ হয় শিশু কৃষ্ণৰ জন্মলীলাৰ মহাৰাসৰ আখৰা ৷ বুধবাৰৰ পৰা মাজুলীৰ প্ৰায় অৰ্ধ শতাধিক ৰংগমঞ্চ আৰু 12 খন সত্ৰত ধৰ্মীয় পৰম্পৰা অনুসৰি শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ নাট মেলা পৰ্ব আৰম্ভ হৈছে ৷

লগতে পঢ়ক :প্ৰথমবাৰৰ বাবে বেংগালুৰুত অনুষ্ঠিত হ’ল শ্ৰী কৃষ্ণৰ ৰাসলীলা

Last Updated : 4 hours ago

ABOUT THE AUTHOR

...view details