ETV Bharat / state

আইনী জটিলতাত পঞ্চায়ত নিৰ্বাচন: ৯ জানুৱাৰী পর্যন্ত জাৰি কৰিব নোৱাৰিব অধিসূচনা - PANCHAYAT ELECTION

ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন সোমাই পৰিছে অনিশ্চয়তাৰ গৰাহত । উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ ৷

Panchayat Election
আইনী জটিলতাত পঞ্চায়ত নিৰ্বাচন: ৯ জানুৱাৰী পর্যন্ত জাৰি কৰিব নোৱাৰিব অধিসূচনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2024, 6:43 AM IST

গুৱাহাটী: আগন্তুক পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ১৭ ডিচেম্বৰত জাৰি কৰা এক নিৰ্দেশৰ পিছতে আগন্তুক পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ সৃষ্টি হৈছে এই অনিশ্চয়তাৰ ।

পঞ্চায়ত নিৰ্বাচনক লৈ বহু ওজৰ-আপত্তিৰে দাখিল কৰা কেইবাখনো লেখ আবেদনৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া বিচাৰপীঠে অহা ৯ জানুৱাৰী পর্যন্ত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাত ৰাজ্যিক নিৰ্বাচন আয়োগক বাধা আৰোপ কৰিছে । যাৰ বাবে এতিয়া ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন পুনৰ অনিশ্চয়তাৰ গৰাহত সোমাই পৰিছে । উচ্চ ন্যায়ালয়ৰ এই হস্তক্ষেপৰ পিছতে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন মাজত সোমাই পৰিছে আইনী জটিলতাৰ মাজত ।

Panchayat Election
আইনী জটিলতাত পঞ্চায়ত নিৰ্বাচন: ৯ জানুৱাৰী পর্যন্ত জাৰি কৰিব নোৱাৰিব অধিসূচনা (ETV Bharat Assam)

এই সন্দৰ্ভত গোচৰীয় পক্ষৰ অধিবক্তা এ কে তালুকদাৰে কয় যে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে যোৱা ৩ আগষ্টত পঞ্চায়তৰ সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত এক এছ অ’ পি প্ৰকাশ কৰিছিল ।

এনে এছ অ' পিৰ পিছতে পঞ্চায়তৰ সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰা প্ৰকাশ পায় । পৰৱৰ্তী পৰ্যায়ত পঞ্চায়ত সমষ্টিসমূহৰ চূড়ান্ত সমষ্টি নির্ধাৰণৰ তালিকা প্ৰকাশ কৰা হ'ব । কিন্তু পঞ্চায়তৰ সমষ্টি পুনঃনির্ধাৰণৰ তালিকা দেখি হতভম্ব হৈ পৰে বহু স্থানীয় লোক ।

কিয়নো জনসংখ্যা ভিত্তিত তিনিটা শাখাত পঞ্চায়তসমূহক ভাগ কৰিব লাগে । কিন্তু পঞ্চায়ত আইনৰ সকলো নীতি-নিয়ম ধোঁৱাচাঙত তুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে সমষ্টি পুনঃনিৰ্ধাৰণৰ তালিকা প্ৰকাশ কৰে ।

তেওঁ কয়- "এইক্ষেত্ৰত ন্যায়ালয়ক অৱগত কৰা হয় যে কোনো জিলাত বৃহৎ জনসংখ্যাৰ লোকক একো একোটা পঞ্চায়তৰ অন্তর্ভুক্ত কৰা হৈছে । ইয়াৰ বিপৰীতে কম জনসংখ্যাৰ লোককো একো একোটা পঞ্চায়তৰ অন্তর্ভুক্ত কৰা হৈছে । তদুপৰি দূৰত্ব আদি বিষয়সমূহক আওকাণ কৰি এটা পঞ্চায়তৰ ৱাৰ্ড আন এটা পঞ্চায়তৰ অন্তৰ্ভুক্ত কৰা হৈছে ।"

তেওঁ জনায় যে পঞ্চায়ত সমষ্টিসমূহৰ উন্নয়নত ব্যাপক প্ৰভাৱ পৰিব বুলি ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰা হৈছিল । এনেবোৰ তথ্য-প্ৰমাণৰ পিছতে উচ্চ ন্যায়ালয়ে অহা ৯ জানুৱাৰী পর্যন্ত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাত ৰাজ্যিক নিৰ্বাচন আয়োগক বাধা আৰোপ কৰিছে । এই গোচৰটোৰ পৰৱৰ্তী শুনানী ৯ জানুৱাৰীৰ পিছত গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক: পঞ্চায়ত নিৰ্বাচন: ৰাজীৱ ভৱনত কংগ্ৰেছৰ বিৰামহীন ৰুদ্ধদ্বাৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.