অসম

assam

কি কাৰণে ভনীয়েক সোনাক্ষীৰ বিয়াত উপস্থিত নাথাকিল ককায়েক লৱ সিন্হা; অৱশেষত ভংগ কৰিলে নীৰৱতা - Luv Sinha on Sonakshi Wedding

By ETV Bharat Entertainment Team

Published : Jul 2, 2024, 12:32 PM IST

Luv Sinha on Sonakshi Wedding : লৱ সিন্হাই জাহীৰ ইকবালৰ সৈতে ভগ্নী সোনাক্ষী সিন্হাৰ বিয়াত তেওঁৰ অনুপস্থিতিৰ বিষয় সন্দৰ্ভত মৌনতা ভংগ কৰিছে ৷ ব্যক্তিগত কাৰণত বিয়াত উপস্থিত নোহোৱাটো বাছি লয় বুলি উল্লেখ কৰে তেওঁ ৷ ইয়াৰ লগতে কিছুমান ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব বিচৰা নাছিল বুলিও মন্তব্য কৰে তেওঁ ৷

Luv Sinha BREAKS Silence on Skipping Sister Sonakshi Sinha's Wedding with Zaheer Iqbal
ভগ্নী সোনাক্ষীৰ বিয়াত অনুপস্থিত লাভ সিন্হা (ETV Bharat, Luv Sinha instagram handle)

চিটাৰা ডেস্ক, 2 জুলাই : সোনাক্ষী সিন্হাৰ দীৰ্ঘদিনীয়া প্ৰেমিক জাহীৰ ইকবালৰ সৈতে বিবাহৰ বাতৰিয়ে শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰি আছে । আটাইতকৈ চৰ্চিত বিষয়বোৰৰ ভিতৰত এটা হৈছে সোনাক্ষীৰ ভাতৃদ্বয় লৱ সিন্হা আৰু কুশ সিন্হাৰ অনুপস্থিতি । অৱশেষত লৱ সিন্হাই বিষয়টোত তেওঁৰ নীৰৱতা ভংগ কৰিছে ।

সোনাক্ষী সিনহাই চলিত বৰ্ষৰ 23 জুন তাৰিখে এক ব্যক্তিগত অনুষ্ঠানত প্ৰেমিক জাহীৰ ইকবালৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটো আৰু ভিডিঅ'বোৰৰ পৰা, এইটো স্পষ্ট হৈছে যে অভিনেত্ৰীগৰাকীৰ ঘনিষ্ঠ বন্ধু চাকিব ছালিমে বিবাহৰ সময়ত ভাতৃত্বৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়ি আহিছিল ।

ইয়াৰ ফলত ছ’চিয়েল মিডিয়াত ব্যাপক বিতৰ্কৰ সৃষ্টি হয়, যাৰ ফলত পৰিয়ালটোৰ আভ্যন্তৰীণ স্থিতিক লৈ আলোচনাৰ সৃষ্টি হয় । বিয়াৰ পিচত এতিয়া লৱ সিনহাই শেহতীয়াকৈ “অনলাইন আলোচনা”ৰ বিৰুদ্ধে মাত মাতিছে ।

লগতে পঢ়ক :জাহীৰ কোনটো শ্ৰেণীত পৰে- গ্ৰীণ ফ্লেগ নে ৰেড ফ্লেগ ? - sonakshi praises zaheer

এক্সত লৱ সিন্হাই বিয়াত তেওঁৰ অনুপস্থিতিৰ ওপৰত চলা জল্পনা-কল্পনা সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে । তেওঁ এই অনুষ্ঠানৰ বিষয়ে প্ৰচাৰ হোৱা এটা বাতৰিৰ এটা স্নিপেট শ্বেয়াৰ কৰি তেওঁৰ দৃষ্টিভংগী যোগ কৰি কয়, "মই কিয় উপস্থিত নহ'লো তাৰ কাৰণসমূহ অতি স্পষ্ট আৰু যিয়েই নহওক কিয় কিছুমান মানুহৰ সৈতে যোগাযোগ নকৰো । মই আনন্দিত যে সংবাদ মাধ্যমৰ এজন সদস্যই জনসংযোগ দল এটাই প্ৰকাশ কৰা সৃষ্টিশীল কাহিনীৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকে গৱেষণা কৰিছিল ।"

ইফালে, কুশ সিন্হাই বিয়াত তেওঁৰ অনুপস্থিতিৰ প্ৰতিবেদন অস্বীকাৰ কৰে আৰু সেইবোৰ 'অশুদ্ধ তথ্য' বুলি প্ৰত্যাখ্যান কৰে । তেওঁ জোৰ দি কয় যে এইটো 'পৰিয়ালৰ বাবে এক সংবেদনশীল সময়' আৰু যদিওবা তেওঁ এজন ব্যক্তিগত ব্যক্তি আৰু সদায়ে লাইমলাইটত নথাকে, তাৰ অৰ্থ এইটো নহয় যে তেওঁ অনুষ্ঠানত নাছিল ৷

ডাবল এক্সএলত সহ অভিনয় কৰা সোনাক্ষী আৰু জাহীৰে বিবাহৰ পূৰ্বে সাত বছৰ ধৰি ডেট কৰিছিল ।

লগতে পঢ়ক :সোনাক্ষী-জাহীৰৰ বিয়াৰ আঁৰত ‘লৱ্ জেহাদ’ ! - Sonakshi Zaheer Wedding Love Zihad

ABOUT THE AUTHOR

...view details