অসম

assam

নৃত্যগুৰু সোণাল মানসিঙৰ উপৰিও কোনে কোনে আজি পৰ্যন্ত লাভ কৰিছে শ্ৰীমন্ত শংকৰদেৱ বঁটা ? - SONAL MANSINGH SRIMANTA SANKARDEVA

By ETV Bharat Entertainment Team

Published : Aug 22, 2024, 5:41 PM IST

Srimanta Sankardeva Award: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি 2023 চনৰ বাবে প্ৰখ্যাত শাস্ত্ৰীয় নৃত্যশিল্পী তথা পদ্ম বঁটা বিজয়ী সোণাল মানসিঙে লাভ কৰিব শ্ৰীমন্ত শংকৰদেৱ বঁটা । মানসিঙৰ সুবিধাৰ ওপৰত ভিত্তি কৰি বঁটা প্ৰদানৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব ।

Assam Government To Confer Srimanta Sankardeva Award 2023 To Dance Guru Sonal Mansingh
নৃত্যগুৰু সোণাল মানসিং (ETV Bharat)

চিটাৰা ডেস্ক, 22 আগষ্ট :প্ৰখ্যাত শাস্ত্ৰীয় নৃত্যশিল্পী তথা পদ্ম বঁটা বিজয়ী সোণাল মানসিঙক 2023 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰা হ'ব । অসম চৰকাৰে সোণাল মানসিঙক এই সন্মানীয় বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে ।

অসম চৰকাৰৰ দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত বুধবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই সিদ্ধান্ত ঘোষণা কৰে ৷

শ্ৰীমন্ত শংকৰদেৱ বঁটা

1986 চনৰ পৰা অসম চৰকাৰে সাহিত্য, শিল্প, সংস্কৃতি, সাংবাদিকতা আদি ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিসকলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰি আহিছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক বিশ্ববাসীৰ আগত আলোকপাত কৰা আৰু তেওঁৰ গুণৰ স্মৃতিৰ জৰিয়তে ভাৰতবাসীক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰা হয় ।

এই বঁটাত এখন প্ৰশংসাপত্ৰ, সোণৰ পদক, এখন শাল আৰু এযোৰ পোছাকৰ সৈতে নগদ পুৰস্কাৰ প্ৰদান কৰা হয় । 1997 চনৰ পৰা, এই বঁটাত আগবঢ়োৱা নগদ ধনৰ পৰিমাণ এক লাখ টকাৰ পৰা তিনি লাখ টকালৈ বৃদ্ধি কৰা হৈছে আৰু 2020 চনত ইয়াৰ পৰিমাণ আছিল পাঁচ লাখ টকা । 1986 চনৰ পৰা আৰম্ভ হোৱা এই বঁটা প্ৰথমাৱস্থাত প্ৰতি বছৰে প্ৰদান কৰা হৈছিল ৷ 2008 চনত প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰে এই বঁটা তিনি বছৰ মূৰে মূৰে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

সোণাল মানসিং

ভাৰতনাট্যম আৰু ওডিচি নৃত্যশৈলীৰ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পী আৰু গুৰু সোণাল মানসিং । উল্লেখ্য যে, 1992 চনত পদ্মভূষণ আৰু 2003 চনত পদ্ম বিভূষণ বঁটাও লাভ কৰিছিল বিখ্যাত নৃত্যশিল্পীগৰাকীয়ে । ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ প্ৰতি তেওঁৰ বিশিষ্ট অৱদানৰ বাবে মানসিঙক 1987 চনত সংগীত নাটক অকাডেমি বঁটা প্ৰদান কৰা হয় । 2018 চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক ৰাজ্যসভাৰ সাংসদ সদস্য হিচাপে মনোনীত কৰে । মানসিং মণিপুৰী নৃত্যৰ এগৰাকী সুপৰিচিত প্ৰতিনিধিও ।

শংকৰদেৱ বঁটা বিজয়ীসকল

এতিয়ালৈকে 27 গৰাকী ব্যক্তিক এই সন্মানীয় বঁটা প্ৰদান কৰা হৈছে ।

1986 - কীৰ্তিনাথ হাজৰিকা

1987 - ভূপেন হাজৰিকা

1988 - সত্যজিৎ ৰায়

1989 - মহেশ্বৰ নেওগ

1990 - কপিলা বাৎসায়ন

1991 - সত্যেন্দ্ৰনাথ শৰ্মা

1992 - ৰামচন্দ্ৰ নাৰায়ণ দাণ্ডেকাৰ

1993 - সত্যপ্ৰসাদ বৰুৱা আৰু গংগুবাই হাংগল

1994 - মহেন্দ্ৰ বৰা

1995 - চৈয়দ আব্দুল মালিক

1996 - ভবেশ চন্দ্ৰ সান্যাল

1997 - কেলুচৰণ মহাপাত্ৰ

1998 - ভবেন্দ্ৰ নাথ শইকীয়া

1999 - আমজাদ আলী খান

2000 - সোণাৰাম চুতীয়া

2001 - আচাৰ্য ইলাৰাম দাস

2002 - ইন্দিৰা মিৰি

2003 - হাবিব তানবিৰ

2004 - নাৰায়ণ দেৱ গোস্বামী আৰু পাৰবীন চুলতানা

2005 - বি জি ভাৰ্গিজ

2006 - ডঃ কেশৱানন্দ দেৱ গোস্বামী

2007 - হোমেন বৰগোহাঞি

2008 - শৰ্মিলা ঠাকুৰ

2011 - কনকসেন ডেকা

2014 - এম এল ভাৰাদপাণ্ডে

2017 - বশিষ্ঠ দেৱ শৰ্মা

2020 - ভৱপ্ৰসাদ চলিহা

এই সিদ্ধান্ত সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে বঁটা প্ৰদান অনুষ্ঠানৰ তাৰিখ এতিয়াও চূড়ান্ত হোৱা নাই আৰু সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণকাৰীৰ সুবিধা অনুযায়ী লোৱা হ’ব ।

লগতে পঢ়ক :দুহাতৰ কলাৰ যাদুৰে জীৱনৰ জয়গান গোৱা শিল্পীগৰাকী... - Nuruddin Ahmed durga puja statue

ABOUT THE AUTHOR

...view details